গোৱালপাৰা,20 এপ্ৰিলঃ গোৱালপাৰা ভৈশখুলিত দৰিদ্ৰ লোকৰ কাষত অৰ্ধ-সামৰিক বাহিনী ৷ জিলাখনৰ অত্যন্ত দুৰ্গম আৰু ভিতৰুৱা গাঁওখনৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে অৰ্ধ-সামৰিক বাহিনীৰ ১৫২ নং বেটেলিয়নে ৷ গাঁওখনৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰা হয় সাহাৰ্য ৷
20:00 April 20
গোৱালপাৰা ভৈশখুলিত দৰিদ্ৰ লোকৰ কাষত অৰ্ধ-সামৰিক বাহিনী
16:55 April 20
হাউলীত আৰ্তজনৰ প্ৰতি সহায়ৰ হাত চি আৰ পি এফ জোৱানৰ
বৰপেটা,20 এপ্ৰিলঃ বৰপেটাৰ হাউলীত আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে চি আৰ পি এফ জোৱান ৷ হাউলীৰ চি আৰ পি এফৰ দশম বেটেলিয়নৰ জোৱানসকলে ৷ সোমবাৰে হাউলীৰ খাটালপাৰা আৰু বেন্নীবাৰী আদি গাঁৱৰ 300 ঘৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে চি আৰ পি এফ জোৱানসকলে ৷
16:54 April 20
কাকপথাৰত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ
শদিয়া,20 এপ্ৰিলঃ কাকপথাৰত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ ৷ কাকপথাৰ অঞ্চলৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে ৷ ইয়াৰ উপৰিও কলিতা জনগোষ্ঠীৰ ছাত্ৰ নেতা তৰুণ হাজৰিকাৰ নেতৃত্বত প্ৰায় ডেৰশ পৰিয়াল আৰু সমাজকৰ্মী ভাৰতী বৰুৱাই অঞ্চলটোৰ 50 টা পৰিয়ালক সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ৷
15:05 April 20
খাৰুপেটীয়াত হিউমেন ডেভেলপমেন্ট মিচন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সামগ্ৰী বিতৰণ
দলগাঁও,20 এপ্ৰিলঃ খাৰুপেটীয়াত দৰিদ্ৰ লোকসকলৰ মাজত সামগ্ৰী বিতৰণ হিউমেন ডেভেলপমেন্ট মিচন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ ৷ সংগঠনটোৱে খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী খেতাশ্বৰ,আৰিমাৰী,শ্যামপুৰ আদি গাঁৱৰ প্ৰায় 100 টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি ছালাউৰ ৰহমানে ।
14:39 April 20
শিলচৰত সামগ্ৰী বিতৰণক লৈ ৰাইজৰ ক্ষোভ প্ৰকাশ
শিলচৰ,20 এপ্ৰিলঃশিলচৰ চহৰৰ মাজমজিয়াৰ 24 নং ৱাৰ্ডৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণক লৈ ৰাইজৰ ক্ষোভ প্ৰকাশ। উল্লেখ্য যে, ৱাৰ্ডটোৰ স্বামীজি ৰোড,বিপদ নাশিনী লেনৰ শতাধিক পৰিয়ালে এই পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য ৷ ৱাৰ্ড কমিচনাৰ মধুমিতা শৰ্মাই হিতাধিকাৰীৰ সলনি নিজৰ চিনাকী লোকসকলৰ মাজত সামগ্ৰী বিতৰণৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
14:38 April 20
মহানগৰীত 600 হকাৰৰ মাজত সামগ্ৰী বিতৰণ
গুৱাহাটী,20 এপ্ৰিলঃ লক ডাউনৰ বাবে সম্প্ৰতি বন্ধ হৈ পৰিছে বাতৰিকাকত বিতৰণ। যাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বাতৰিকাকতৰ বিতৰণ ৷ মহানগৰীত থকা প্ৰায় ৭০০ হকাৰ এতিয়া খাদ্য সংকটত ভুগিছে। হকাৰসকলক সহায়ৰ অৰ্থে আগবাঢ়ি আহিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ ফুডিং ইণ্ডিয়া নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত হকাৰসকলক খাদ্য সামগ্ৰী যোগানৰ পদক্ষেপ হাতত হৈছে জিলা প্ৰশাসনে। জালুকবাৰী,আদাবাৰী,মালিগাঁও আদি অঞ্চলৰ প্ৰায় 600গৰাকী হকাৰক খাদ্য বস্তু প্ৰদান কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
13:38 April 20
খুমটাইত দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ
খুমটাই,20 এপ্ৰিলঃ খুমটাইত দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ খুমটাইৰ হাবিছোৱা গাওঁৰক্ষী বাহিনী আৰু খুমটাইৰ আৰক্ষীৰ ৷ চিনাতলী গাঁৱৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত চাউল,দাইল,আলু,পিঁয়াজ,মিঠাতেল আদি সামগ্ৰী বিতৰণ কৰা হয় ৷
13:34 April 20
ৰঙিয়াত পৌৰসভাৰ চাফাই কৰ্মীসকলৰ মাজত সামগ্ৰী বিতৰণ
ৰঙিয়া,20 এপ্ৰিলঃ ৰঙিয়াত পৌৰসভাৰ চাফাই কৰ্মীসকলৰ মাজত সামগ্ৰী বিতৰণ ৷ উল্লেখ্য যে,পৰ্যাপ্ত সুৰক্ষা অবিহনে চাফাই কৰ্মীসকলে প্ৰতিদিনে নিজৰ কৰ্তব্য সমাপন কৰি আহিছে ৷ তেওঁলোকক সজাগ কৰাৰ লগতে উৎসাহ বৃদ্ধিৰ উদ্দেশ্যে সোমবাৰে ৰঙিয়া পৌৰসভাৰ চৌহদত এক সজাগতা সভাৰ আয়োজন কৰা হয়। মহকুমা স্বাস্থ্য বিষয়া ডাঃ ছফিকুল হক,অতিৰিক্ত আয়ুক্ত চম্পক ডেকা ৰঙিয়া পৌৰসভাৰ কৰ্মীসকলৰ লগতে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতি কিৰণৰ সদস্যৰ উপস্থিতিত কৰ্মীসকলক প্ৰশাসনৰ তৰফৰ পৰা ছেনিটাইজাৰ,চাবোন,মাস্ক আৰু গ্লভছৰ এটা কিট্ প্ৰদান কৰা হয়। সভাখনত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ছফিকুল হকে কৰ্মীসকলক কৰ'ণা সম্পৰ্কে সজাগ কৰাৰ লগতে কেনেদৰে নিজকে চাফা ৰাখিব লাগে এই বিষয়েও কৰ্মীসকলক অৱগত কৰে ৷
11:29 April 20
হোজাই জিলাৰ লংকাত পশ্চিমবংগৰ ৩৪ জন ফেৰীৱালাক সাহাৰ্য প্ৰদান
হোজাই,20 এপ্ৰিলঃপশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰা আহি হোজাই জিলাৰ লংকাত ফেৰীৱালা হিচাপে থকা ৩৪ জন ফেৰীৱালাক সাহাৰ্য প্ৰদান ৷ লংকাৰ বিশিষ্ট ব্যৱসায়ী ৰোহিত আগৰৱালাৰ জৰিয়তে লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাই প্ৰদান কৰে খাদ্য সামগ্ৰী ৷
10:44 April 20
দক্ষিণ শালমাৰা মানকাচৰৰ জিলাৰ মলাখোৱাত ১২০টা দৰিদ্ৰ পৰিয়ালৰ মাজত নিত্য প্রয়োজনীয় খাদ্য সামগ্রী বিতৰণ
ধুবুৰী,20 এপ্ৰিলঃ দক্ষিণ শালমাৰা মানকাচৰৰ জিলাৰ মলাখোৱাত ১২০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত নিত্য প্রয়োজনীয় খাদ্য সামগ্রী বিতৰণ ৷ হাটশিঙিমাৰীৰ মলাখোৱাত দেওবাৰে মুঠ ১২০ টা পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ বিষয়ববীয়া তথা জিলা বিজেপিৰ সভাপতি আলতাপ হুছেইনে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নিৰ্দেশ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ ২৩২০ টা দৰিদ্ৰ পৰিয়ালৰ লোকক ইতিমধ্যে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰে জিলা বিজেপিৰ সভাপতি আলতাপ হুছেইনে।
10:43 April 20
বঢ়মপুৰত আৰ্তজনৰ কাষত ব্যৱসায়ী ৰুবুল শৰ্মা
বঢ়মপুৰ,20 এপ্ৰিলঃ আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়ালে নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী ৰুবুল শৰ্মাই ৷ কামপুৰৰ মনোহৰ গাঁৱৰ প্ৰায় 100 টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ব্যৱসায়ীগৰাকীয়ে ৷ আনহাতে,ৰাইজৰ এই বিপদৰ সময়ত বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে সমষ্টিবাসী ৰাইজে ৷
10:05 April 20
চাবুৱা ৰঙালী বিহু সন্মিলনৰ প্ৰশংসনীয় পদক্ষেপ
চাবুৱা,20 এপ্ৰিলঃ চাবুৱা ৰঙালী বিহু সন্মিলনৰ প্ৰশংসনীয় পদক্ষেপ ৷ ৬৩বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলনখনে বিহু সমিতিৰ জমা ধনৰ পৰা ২০,000 টকাৰ সামান্য বৰঙনি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ায় ৷ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি বৰঙনি খিনি আগবঢ়ায় বিহু সন্মিলনৰ বিষয়ববীয়া সকলে ৷ আনহাতে এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ জৰিয়তে আন আন বিহু সমিতিবোৰো আগবাঢ়ি অহি নিজ সাধ্যানুসাৰে চৰকাৰক সাহাৰিয আগবঢ়াবলৈ অনুৰোধ জনায় বিহু সন্মিলনখনৰ অন্যতম বিষয়ববীয়া অৰুণ বৰপাত্ৰ গোহাঁইয়ে ৷
09:42 April 20
কলগাছিয়াত লক ডাউনত আবদ্ধ পৰিয়ালক যুৱকৰ সাহাৰ্য
জনিয়া,20 এপ্ৰিলঃবৰপেটা জিলাৰ খৰিচালাত লক ডাউনত আবদ্ধ শতাধিক পৰিয়ালক সাহাৰ্য প্ৰদান এজন যুৱকৰ ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সন্মান জনাই কলগাছিয়াৰ খৰিচালাৰ ধৰ্মপুৰ গাঁৱৰ শতাধিক পৰিয়ালক সাহাৰ্য আগবঢ়ায় জয়নাল আব্দিন নামৰ যুৱকজনে ৷ ইয়াৰ উপৰিও কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছাহজাহান আলী আহমেদ,বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুৰ ৰহমান আৰু মাদুলীঝাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন শৰ্মাৰ তৰফৰপৰাও লক ডাউনত আবদ্ধ দৰিদ্ৰ পৰিয়ালৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷