জনীয়া,২৭ মে: পশ্চিম গুৱাহাটীৰ পিচত এইবাৰ বৰপেটাত জিও বেগ কেলেংকাৰীৰ অভিযোগ। জিও বেগৰ ভিতৰত জিও বেগ ভৰাই ঠিকাদাৰৰ ধন ঘটাৰ নতুন পন্থা বুলি অভিযোগ কলগছিয়াবাসীৰ। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ হাতছাৰা গাঁৱত মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে জলসম্পদ বিভাগে লৈছিল এক অত্যাধুনিক ৪০ লাখ টকীয়া আঁচনি।
কলগাছিয়াত জিও বেগ কেলেংকাৰী!! পানীত নামি প্ৰতিবাদ - etv bharat
ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ সৈতে মিলি অধিক মুনাফাৰ আশাত জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই আঁচনিৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ লগতে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ ।
কিন্তু ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰে মিলি অধিক মুনাফাৰ আশাত জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই আঁচনিৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ লগতে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ। যাৰ বাবে সোমবাৰে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে পানীত নামি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে।
ঠিকাদাৰ,জলসম্পদ বিভাগৰ অভিযন্তা,বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়াৰ লগতে অতি সোনকালে তদন্তৰ জৰিয়তে ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীয়ে।