জনীয়া, ৭ মে’: বৰপেটাৰ ছাপৰা গাঁৱত কাঠৰ দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ অৰ্ধসম্পূৰ্ণ দলং খনৰ ফলত দুৰ্ভোগত পৰিছে গাঁওবাসী ৷ প্ৰাপ্ত তথ্য অনুসৰি, 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে সাংসদ চিৰাজুদ্দিন আজমলৰ নেতৃত্বত নিৰ্মাণ হোৱা ছাপৰা গাঁৱৰ দলংখন অসম্পূৰ্ণ হৈ থকাৰ ফলত মঙলবাৰে ক্ষুব্ধ হৈ পৰে গাঁওবাসী ৷
অসম্পূৰ্ণ অৱস্থাত 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাঠৰ দলং - চিৰাজুদ্দিন আজমলে
চিৰাজুদ্দিন আজমলে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ৰবিউল আৱাল উৰফে(মুন্নি) নামৰ এজন ইউ ডি এফ কৰ্মীক আবন্টন দিয়ে যদিও ব্যক্তিজনে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷

ৰাইজে দিয়া তথ্য অনুসৰি চিৰাজুদ্দিন আজমলে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ৰবিউল আৱাল উৰফে(মুন্নি) নামৰ এজন ইউ ডি এফ কৰ্মীক আৱন্টন দিয়ে যদিও ব্যক্তিজনে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ৰাইজে ৰবিউল আৱালক বাৰম্বাৰ দলংখন মেৰামতি কৰাৰ কৰা উল্লেখ কৰে যদিও ৰাইজৰ কথাৰ প্ৰতি কাণ-সাৰ নিদিয়া বুলিও অভিযোগ ৰাইজৰ ৷
উল্লেখ্য যে, উক্ত দলংখনেৰে ছাপৰা, গাগলমাৰি, ৰূপাকুছি, মহম্মদপুৰ, কাদং, ৰছুলপুৰ আদি কৰি বিভিন্ন অঞ্চলৰ মানুহে যাতায়ত কৰে। তেনেস্থলত জনপ্ৰতিনিধিৰ এনে কৰ্মই দুৰ্নীতিৰ চৰম সীমা উলংঘন কৰা বুলি ৰাইজে মন্তব্য কৰে ৷