অসম

assam

ETV Bharat / state

Flood in Assam : কাচুকাটি বেঁকী নৈৰ চৰত পশুধনসহ জলবন্দী 74 টাকৈ পৰিয়াল

অপৰিৱৰ্তিত বেঁকী নৈৰ বান পৰিস্থিতি । এতিয়াও কাচুকাটি বেঁকী নৈৰ চৰৰ বান শিবিৰত পশুধনসহ জলবন্দী হৈ আছে 74 টাকৈ পৰিয়াল । বান শিবিৰত পশুধনৰ সৈতে সহাৱস্থান কৰিব লগাত পৰিছে বানাক্ৰান্তই । শিবিৰসমূহত খাদ্য সংকটে দেখা দিয়া লগতে নাই বিশুদ্ধ খোৱাপানী আৰু কোনোধৰণৰ চিকিৎসাৰ ব্যৱস্থা । প্ৰশাসনেও কোনো বিশেষ ব্যৱস্থা নোলোৱা অভিযোগ উত্থাপিত হৈছে ।

Flood in Assam
তি বেঁকী নৈৰ বানৰ কৱলত পৰি দিশহাৰা বন্যাৰ্ত

By

Published : Jun 22, 2023, 3:28 PM IST

অপৰিৱৰ্তিত বেঁকী নৈৰ বান পৰিস্থিতি

জনীয়া, 22 জুন : প্ৰতিদিনে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ-উপনৈসমূহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে অধিক শোচনীয় হৈ পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাটাও অঞ্চল ৷ এই ৰাজহ চক্ৰৰ কাচুকাটি, কাউৰঝাহি আৰু বলাইপাথাৰ গাঁৱৰ 74 টাকৈ পৰিয়াল সম্প্ৰতি বেঁকী নৈৰ বানৰ কৱলত পৰি দিশহাৰা হৈ পৰিছে ।

বান শিবিৰত পশুধনসহ জলবন্দী বহু পৰিয়াল

বিশেষকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাচুকাটি, কাউৰঝাহি, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি, বৰডাংগা, কামাৰপাৰা, গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, গলীয়া, ডাউকমাৰী, লাচাংগা, মোৱামাৰী, সুঁতিৰপাথাৰ, বৰতাৰী, ইচবপূৰ, হাতচাৰা, মুহিয়া, বৃহত্তৰ মইনবড়ি, ঢাকালীয়াপাৰা আদি গাঁওসমূহ বাঢ়নি পানীৰ কৱলত পৰিছে ৷ ফলত প্ৰায় 2 সহস্ৰাধিক পৰিয়াল বেঁকী নৈৰ চৰৰ মাজত জলবন্দী হৈ আছে ৷

তি বেঁকী নৈৰ বানৰ কৱলত পৰি দিশহাৰা বন্যাৰ্ত

লগতে পঢ়ক :Flood in Assam: ৰাজ্যত বানৰ কবলত লক্ষাধিক লোক; পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা

তথ্য অনুসৰি, বৰপেটা জিলা প্ৰশাসনে এই লোকসকলক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ৰাইজে ওখ ঠাই বিচাৰি নিজাববীয়াকৈ উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে । ইফালে 3 দিন ধৰি কাচুকাটি বান শিবিৰত বানাক্ৰান্ত ৰাইজ আৰু পশুধনে সহাৱস্থান কৰি আছে ৷ এই শিবিৰসমূহত এতিয়া তীব্ৰ খাদ্য সংকটতে দেখা দিছে বুলি জানিব পৰা গৈছে ।

অপৰিৱৰ্তিত বেঁকী নৈৰ বান পৰিস্থিতি

কেৱল খাদ্য সংকটেই নহয়, এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ বানৰ কৱলত পৰা 3-4 দিন অতিক্ৰম কৰাৰ পাচতো কোনো এজন জনপ্ৰতিনিধিৰ অথবা বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই ৷

উপায়ন্তৰ হৈ বানাক্ৰান্ত ৰাইজে শিবিৰত থকা বন্যাৰ্ত আৰু পশুধনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী জনাইছে ৷ লগতে বন্যাৰ্তৰ সকলো সমস্যা সমাধান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :Flood in Assam : কলাজল নদীৰ বাঢ়নি পানীত নিখোঁজ বাইহাটা চাৰিআলিৰ ৰমেশ ডেকা

ABOUT THE AUTHOR

...view details