বৰপেটাত চিকিৎসাৰ অভাৱত মৃত্যু বানপীড়িতৰ - etv bharat
বৰপেটা জিলাত চিকিৎসাৰ অভাৱত মৃত্যু ঘটে এজন বানপীড়িত লোকৰ ৷ সৰুক্ষেত্ৰীৰ এটি আশ্ৰয় শিৱিৰত থকা লোকজন আব্দুল ৰশিদ বুলি জানিব পৰা গৈছে ৷
বৰপেটা, 17 জুলাইঃ চৌদিশে বানৰ তাণ্ডৱ অব্য়াহত থকাৰ সময়তে বৰপেটা জিলাত চিকিৎসাৰ অভাৱত মৃত্য়ুবৰণ কৰিছে এগৰাকী লোকে ৷ জিলাখনৰ সৰুক্ষেত্ৰীৰ আজাদ মেম'ৰিয়েল হাইস্কুলত আশ্ৰয় লৈ থকা আব্দুল ৰশিদ নামৰ লোকজনৰ বুধবাৰে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷ মৃত লোকজন সৰুক্ষেত্ৰীৰ নলীগাঁৱ ভক্তৰদবাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি মৃত লোকজনৰ সৈতে বৰপেটা মেডিকেল কলেজত উপস্থিত হয় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ বিধায়কগৰাকীয়ে বান আশ্ৰয় শিৱিৰত পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ক্ষুৰধাৰ সমালোচনা কৰে ৷