ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ শিতুলীৰ দাপনাসিঙত ভেলেঙী নদীয়ে উটুৱাই নিয়ে এটা মথাউৰি ৷
ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ
বৰপেটা, 18 জুলাইঃ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেলেঙী নৈৰ বাঢ়নী পানীয়ে খহাই নিয়ে এটা মথাউৰি ৷ সমষ্টিটোৰ শিতুলী দাপনাসিঙত ভেলেঙী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে মথাউৰিটো ৷ মথাউৰিটো খহি যোৱাৰ ফলত এতিয়া ভয়ংকৰ বানৰ কৱলত পৰিছে শিতুলী, গোবিন্দপুৰ, কৈমাৰী, চিধনী, গোৰালা আদি গাঁৱসমূহ ৷