অসম

assam

ETV Bharat / state

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ - মৃতদেহ উদ্ধাৰ

সমগ্ৰ ৰাজ্যতে সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিত আজিও অপৰিৱৰ্তিত হৈ আছে ৷ নামনিৰ বজালী অঞ্চলটো পহুমাৰা,কালদিয়া আৰু পল্লা নৈয়ে প্ৰলয়ৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰ মাজতে বানৰ কৱলত পৰি বজালীত মৃত্যু হয় এজন যুৱকৰ ৷

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ

By

Published : Jul 15, 2019, 6:44 PM IST

পাঠশালা,15 জুলাইঃবজালীত অব্যাহত আছে পহুমাৰা,কালদিয়া আৰু পল্লা নৈৰ বানৰ প্ৰকোপ ৷ ইয়াৰ মাজতে ভৱানীপুৰত সংঘটিত হয় এক অঘটন ৷ শনিবাৰৰ পৰাই নিৰুদ্দেশ হৈ থকা ভৱানীপুৰ মাহতলীহাতীৰ বাসিন্দা তথা সৰহবৰহী যুৱক সীমান্ত দাসৰ মৃতদেহ উদ্ধাৰ কৰিছে এছ ডি আৰ এফে ৷

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ

পহুমাৰা নৈৰ পৰা উদ্ধাৰকাৰী বাহিনীটোৱে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ভৱানীপুৰ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details