পানীৰ তলত গুৰুজনাৰ বাসগৃহ - ইটিভি ভাৰত অসম
ৰাজ্যত বানে তাণ্ডৱ অব্য়াহত থকাৰ সময়তে বৰপেটা সত্ৰলৈ ভাবুকি মাতিছে হাৰিজানৰ মেটেকাই ৷ সত্ৰ কৰ্তৃপক্ষই জিলা প্ৰশাসনক জানটো চাফা কৰিবলৈ বহুবাৰ আবেদন জনোৱাৰ পিচটো গুৰুত্ব নিদিলে বৰপেটা জিলা প্ৰশাসনে ৷ বৰ্তমানে পানীৰ তলত আছে মহাপুৰুষ মাধৱদেৱৰ বাসস্থান তথা গুৰুজনাৰ সৃষ্টিৰাজিৰ অমূল্য সম্পদ ৷
![পানীৰ তলত গুৰুজনাৰ বাসগৃহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3859879-thumbnail-3x2-0.jpg)
বৰপেটা, 16 জুলাইঃ ভয়ংকৰ বানৰ কৱলত বৰপেটা সত্ৰ ৷ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ঐতিহাসিক বৰপেটা সত্ৰলৈ ভাবুকি মাতিছে বানপানীয়ে ৷ সত্ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, বৰপেটাৰ হাৰিজানৰ মেটেকাই সত্ৰলৈ এইদৰে বিপদ কঢ়িয়াই আনিছে ৷
ইতিমধ্যেই বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা মহাপুৰুষ মাধৱদেৱৰ বাসস্থান মঠৰ চোতাল জলমগ্ন হৈ পৰাক লৈ উদ্বিগ্ন হৈ পৰিছে সত্ৰৰ ডেকাসত্ৰীয়া ৷ অৱশ্যে মঠৰ ভিতৰত এতিয়াও পানী সোমোৱা নাই যদিও মঠৰ ভিতৰত পানী সোমালে নষ্ট হ'ব পাৰে বহু আপুৰুগীয়া সম্পদ ৷ মঠটোৰ ভিতৰতে সংৰক্ষিত হৈ আছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ব্যৱহাৰ কৰা বহু আপুৰুগীয়া সম্পদ ৷ বাঢ়নী পানী যদিহে মঠৰ ভিতৰ সোমায় তেন্তে এই আপুৰুগীয়া সম্পদসমুহ কিদৰে নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায় তাকে লৈ চিন্তিত হৈ পৰিছে ডেকাসত্ৰীয়া নৱজিৎ দাস ৷ ডেকাসত্ৰীয়াই প্ৰকাশ কৰা অনুসৰি, মঠৰ চোতালত পানী সোমোৱাৰ পূৰ্বেই হাৰিজানৰ মেটেকা গুচাই জানটো সুৰক্ষিত কৰি তুলিবলৈ সত্ৰাধিকাৰ দুজনাই বৰপেটাৰ উপায়ুক্তক বহুবাৰ আবেদন জনাইছিল যদিও আজিলৈ এই বিষয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে জিলা প্ৰশাসনে ৷