বৰপেটা, ৬ অক্টোবৰ:শিক্ষাসেঁতু এপক লৈ ৰাজ্যজুৰি চলি থকা বিভিন্ন আলোচনা-বিলোচনাৰ মাজতে শুকুৰবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বৰপেটা জিলাত উপস্থিত হৈ শিক্ষা বিভাগৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষাসেঁতু এপক লৈ কোনো সমস্যা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ সামাজিক মাধ্যমত বহুতেই এই এপক লৈ সমস্যাত পৰা বুলি দাবী কৰি আহিছে যদিও সেয়া অস্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে এই এপটোৰ জৰিয়তে সমগ্ৰ অসমত দৈনিক ১ লাখ ৯০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ উপস্থিতিৰ তথ্য সন্নিবিষ্ট কৰি আছে । এইটো এটা অতি সহজ এপ বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে মাত্ৰ পাঁচৰ পৰা দহ হাজাৰেহে ইয়াৰ বিৰোধিতা কৰি আছে । সেইসকলে বিদ্যালয়লৈ নাযায় বাবেই আপত্তি কৰি থকা বুলি ডাঃ পেগুৱে মন্তব্য কৰে । আপত্তি কৰি থকা শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ গ’লেই সমস্যাৰ শেষ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দৰমহা দিয়া এদিন দেৰি হ’লেই বহু হুলস্থুল হয় ৷ চৰকাৰে যিহেতু শিক্ষকসকলক নিয়মিত দৰমহা দি আছে, সেই গতিকে শিক্ষকসকলেও নিয়মিত নিজৰ দায়িত্ব কৰ্তব্য পালন কৰা উচিত ৷ ইয়াৰ লগতে পৰীক্ষা স্থগিত ৰাখি অমৃত কলহ যাত্ৰা অনুষ্ঠিত কৰা বিষয় সন্দৰ্ভত তেওঁ কয় যে দেশৰ শ্বহীদৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞাত কৰাৰ বাবে লোৱা এই পদক্ষেপ শিক্ষাৰেই এক অংশ ৷