অসম

assam

By

Published : Nov 15, 2022, 8:04 PM IST

ETV Bharat / state

CM attends Howly Raas: উত্তৰ অসমৰ জীৱন্ত ৰাসক লৈ নামনিত মুখ্যমন্ত্ৰীৰ পৰিকল্পনা

‘‘মাজুলী বা উত্তৰ অসমৰ জীৱন্ত ৰাসে মানুহৰ মাজত আধ্যাত্মিক মনোভাৱ আনি দিয়ে ৷ উজনিৰ দৰে নামনি অসমতো ৰাস মহোৎসৱত জীৱন্ত ৰাস উদযাপন কৰিব পাৰো ৷’’ মঙলবাৰে হাউলী ৰাস মহোৎসৱত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM attends Howly Raas mahotsav)৷

Assam CM at Howly
উত্তৰ অসমৰ জীৱন্ত ৰাসক লৈ নামনিত মুখ্যমন্ত্ৰীৰ পৰিকল্পনা

বৰপেটা, ১৫ নৱেম্বৰ :ৰাস মহোৎসৱক লৈ ব্যস্ত ৰাজ্যবাসী (Raas Mahotsava 2022) ৷ কৃষ্ণ বন্দনাত মুখৰিত এতিয়া সমগ্ৰ ৰাজ্য ৷ ইয়াৰ মাজতে মঙলবাৰে বৰপেটাৰ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱত (95th divine Raas Mahotsav at Howly) উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মঙলবাৰে প্ৰথমে হাউলী ৰাস মহোৎসৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মৃন্ময় মূৰ্তিসমূহ দৰ্শন কৰি ৰাস মন্দিৰত সেৱা আগবঢ়ায় (CM attends Howly Raas) ৷

হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত উপহাৰ কুপন খেলৰ ৰাহি ধনেৰে নিৰ্মাণ কৰা হাউলীৰ স্থায়ী ৰাসৰ মঞ্চখন বৰ্তমান অৰ্ধনিৰ্মিত হৈ আছে ৷ এই অৰ্ধনিৰ্মিত মঞ্চখন আগন্তুক বৰ্ষত সম্পূৰ্ণ হ’ব ৷ অহা বছৰ এই মঞ্চখন মুকলি কৰিবলৈ মঙলবাৰে ৰাস উদযাপন সমিতিয়ে তামোল-পাণৰ শৰাই দি নিমন্ত্ৰণ জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৷

উত্তৰ অসমৰ জীৱন্ত ৰাসক লৈ নামনিত মুখ্যমন্ত্ৰীৰ পৰিকল্পনা

আনকি ৰাস উদযাপন সমিতিৰ এই নিমন্ত্ৰণ ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক :Hemamalini in Nalbari: ড্ৰীমগাৰ্লৰ মুখত অসমৰ মহাপুৰুষৰ নাম, ধন্য হ’ল শংকৰদেৱ !

উল্লেখ্য যে, ১৯১৮ চনত আৰম্ভ হৈছিল হাউলী ৰাস মহোৎসৱ ৷ হাউলী ৰাসৰ ৯৫ বছৰীয়া যাত্ৰাত (95th divine Raas Mahotsav at Howly) প্ৰথমবাৰৰ বাবে ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ যাক লৈ উৎফুল্লিত হৈ পৰিছে হাউলী ৰাস উদযাপন সমিতিও ৷

উত্তৰ অসমৰ জীৱন্ত ৰাসক লৈ নামনিত মুখ্যমন্ত্ৰীৰ পৰিকল্পনা

ইফালে, ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ড৹ শৰ্মা কয়, ‘‘মাজুলী থকা জীৱন্ত ৰাস বা উত্তৰ অসমৰ জীৱন্ত ৰাসে মানুহৰ মাজত আধ্যাত্মিক মনোভাৱ আনি দিয়ে ৷ উজনিৰ দৰে নামনি অসমতো যদি ৰাস মহোৎসৱত শৰৎ পূৰ্ণিমাৰ দিনটোত অন্তত জীৱন্ত ৰাস উদযাপন কৰিব পাৰো, তেন্তে ই আমাক আধ্যাত্মিক পৰিক্ৰমাত নতুন ৰূপ দিব’’ ৷

মঙলবাৰে বৰপেটাৰ হাউলীৰ ৰাস মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক :Assam CM at Kshetri : ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ত মূৰ দোঁৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details