বৰপেটা, ৩০ এপ্ৰিলঃ সংকটত সৰ্থেবাৰীৰ কাঁহ শিল্প ৷ চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল ৷ লক্ ডাউনৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছে গঢ়শাল সমূহ ৷ গঢ়শাল বন্ধ হৈ থকাৰ ফলত এতিয়া আখলত জুই নজ্বলা অৱস্থা সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলৰ ৷
কিয়নো ঐতিহ্যমণ্ডিত কাঁহ শিল্পৰ সৈতে জৰিত হৈ আছে সৰ্থেবাৰীৰ প্ৰতিজন লোক, প্ৰতিটো পৰিয়াল ৷ সৰ্থেবাৰীত দিনটোৰ আৰম্ভণী হয় কঁহাৰ শিল্পীৰ গঢ়শালৰ পৰা অহা হাতুৰীৰ শব্দেৰে ৷ কিন্তু এতিয়া সৰ্থেবাৰীত নাই সেই পৰিৱেশ ৷ সৰ্থেবাৰীৰ প্ৰায় দুই হাজাৰৰো অধিক লোকে নিতৌ গঢ়শাল সমূহত প্ৰস্তুত কৰে কাঁহৰ কাহী-বাতি, বঁটা, তাল আদিকে ধৰি বিভিন্ন বাচন বৰ্তন ৷ কাঁহৰ বাচন বৰ্তন প্ৰস্তুত কৰি দৈনিক পাঁচশৰ পৰা ছশ টকা উপাৰ্জন কৰে কাঁহ শিল্পীসকলে ৷ পিছে লক্ ডাউনৰ বাবে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা গঢ়শাল সমূহ বন্ধ হৈ থকাৰ ফলত এতিয়া কঁহাৰ শিল্পীসকলৰ জীৱন মৰণ সমস্যা ৷