বৰপেটা, 22 এপ্ৰিলঃ বৰপেটাচ ভোটগ্ৰহণৰ বাবে নিয়োজিত একাংশ যুৱতী-মহিলাই হাতে হাতে ইভিএম, ভি ভি পেট মেচিনসহ ভোটগ্ৰহণৰ বাবে যাৱতীয় সামগ্ৰী লৈ উপস্থিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰত ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ কামত নিয়োজিত হৈছে একাংশ যুৱতী, মহিলা বিষয়া ৷ বৰপেটা চহৰত স্থাপন কৰা 10 টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মহিলাৰ দ্বাৰা ৷
বৰপেটাৰ 10টা ভোটকেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা - বৰপেটা
তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ কামত নিয়োজিত হৈছে একাংশ যুৱতী, মহিলা বিষয়া ৷ বৰপেটা চহৰত স্থাপন কৰা 10 টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মহিলাৰ দ্বাৰা ৷
![বৰপেটাৰ 10টা ভোটকেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3076996-thumbnail-3x2-tyu.jpg)
বৰপেটাত সাজু মহিলাৰ দ্বাৰা পৰিচালিত 10 টা ভোটগ্ৰহন কেন্দ্ৰ
বৰপেটাত সাজু মহিলাৰ দ্বাৰা পৰিচালিত 10 টা ভোটগ্ৰহন কেন্দ্ৰ
ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত মহিলা বিষয়াসকলে ইভিএম, ভিভিপেট মেচিনসহ ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো নথি আৰু সামগ্ৰী লৈ সোমবাৰে সন্ধিয়াৰ ভাগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈ নিশাটো ভোটগ্ৰহণ কেন্দ্ৰতে কটাই মঙলবাৰে পুৱাৰে পৰাই ভোটগ্ৰহণ কৰিব ৷