অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো দেওবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ ৷

By

Published : May 19, 2019, 1:14 PM IST

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

বৰপেটা, ১৯ মেঃ দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩০ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো দেওবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ ৷

বৰপেটা সত্ৰত ইতিমধ্যে পুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হোৱাৰ লগতে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে ভকত বৈষ্ণব আৰু আই বাপসকলে সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱাভক্তি নিবেদন কৰে ৷ মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত পাঠত অংশগ্ৰহন কৰে ৷

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

সোমবাৰে বৰপেটা সত্ৰত পুৱা প্ৰসংগৰ লগতে,আবেলি সত্ৰৰ টুপৰ চোতালত আইসকলৰ নাম আৰু সন্ধিয়া সত্ৰৰ লগতে সত্ৰবাসী প্ৰতিটো পৰিয়ালত বন্তি প্ৰজ্বলনেৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ সামৰণি পৰিব ৷

ABOUT THE AUTHOR

...view details