অসম

assam

ETV Bharat / state

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ - ভৰদৌল

বুধবাৰে বৰপেটাত পালন কৰা হয় গোন্ধযাত্ৰা ৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক বুধবাৰে সত্ৰৰ মনিকূটৰ পৰা মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰাৰ পিচতে দুয়োজনা গোঁসাইক পুৱাই যোগমোহন গৃহত ৰখাৰ পিচত নিশা গোসাইক দৌলত আৰোহন কৰা হয় ৷

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ

By

Published : Mar 21, 2019, 11:24 PM IST

21 মাৰ্চ, বৰপেটাঃ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ ৷ বুধবাৰে পালন কৰা হয় গোন্ধযাত্ৰা ৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক বুধবাৰে সত্ৰৰ মনিকূটৰ পৰা মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰাৰ পিচতে দুয়োজনা গোঁসাইক পুৱাই যোগমোহন গৃহত ৰখাৰ পিচত নিশা গোসাইক দৌলত আৰোহন কৰা হয় ৷

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ

বুধবাৰৰ নিশা দৌল মন্দিৰৰ দোলাত অধিষ্ঠিত কৰা দুয়োজনা গোসাইক বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই যথাৰীতি ফাকুগুৰিৰে সেৱা জনায় ৷ সত্ৰৰ পৰম্পৰা অনুসৰি বুঢ়াসত্ৰীয়াই দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰিৰে সেৱা জনোৱাৰ পিচতহে ভক্তসকলে গোসাইক ফাকুগুৰিৰে সেৱা জনাব পাৰে ৷ গোসাইক সেৱা জনাবলৈ দৌল মন্দিৰত লানি নিচিগা ভক্তৰ সোত বয় ৷

ABOUT THE AUTHOR

...view details