অসম

assam

ETV Bharat / state

বৰপেটাত অ-পৰিৱৰ্তিত বান পৰিস্থিতি

বৰ্তমানেও বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, পহুমাৰা আৰু কালদিয়া নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ জিলাখনত এতিয়াও ৭৩ টা আশ্ৰয় শিবিৰত প্ৰায় দহ হাজাৰ পাঁচশ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

বৰপেটাত অপৰিৱৰ্তিত বান পৰিস্থিতি

By

Published : Jul 18, 2019, 9:09 PM IST

বৰপেটা, ১৮ জুলাইঃ বৰপেটাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি । জিলাখনত ৭৩ টা আশ্ৰয় শিবিৰত প্ৰায় দহ হাজাৰ পাঁচশজন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

বৰপেটাত অপৰিৱৰ্তিত বান পৰিস্থিতি
বৰ্তমানেও বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, পহুমাৰা আৰু কালদিয়া নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ বানৰ কবলত পৰি প্ৰায় ১৪ লাখ লোক বিলাই বিপত্তিৰ সন্মুখীন হোৱাৰ লগতে বহু পৰিয়ালে মথাউৰি, বাট পথ, আদিত অতি দূৰ্বিষহ জীৱন অতিবাহিত কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি নস্ট হোৱাৰ উপৰিও ঘৰ দুৱাৰ আৰু পশু ধনৰ বিস্তৰ ক্ষতি সাধন হয় । ইতিমধ্যে বানাক্ৰান্তৰ মাজত চৰকাৰীভাৱেভাৱে ৯৩১৭ কুইন্টল চাউল, ১৭২৮ কুইন্টল দালি, ৪৭৭ কুন্টল নিমখ বিতৰন কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details