অসম

assam

ETV Bharat / state

পৰিবৰ্তনকামী শিক্ষা ব্যৱস্থাঃ ছাত্ৰ বনাম শিক্ষক - শিক্ষা বিভাগ

বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অধীনত বৰফালাদি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতিত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানত ব্যস্ত একোজন অন্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ

By

Published : Mar 29, 2019, 11:27 AM IST

বৰপেটা, 29 মাৰ্চঃ কেনেদৰে চলিছে ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা বিভাগ ৷ কেনেদৰে চলিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বিদ্যালয় সমুহ ৷ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ এখন বিদ্যালয়ে উদঙাই দেখুৱাইছে চৰকাৰৰ শিক্ষা বিভাগ স্বৰূপ ৷ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অধীনত বৰফালাদি গাঁৱত অৱস্থিত এইখন বৰফালাদি প্ৰাথমিক বিদ্যালয় ৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানত ব্যস্ত একোজন অন্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ

আনহাতে আদিপাঠ শিকোৱাৰ বাবে যাৰ ওপৰত গুৰু দায়িত্ব আছিল সেই শিক্ষাগুৰুসকল অনুপস্থিত বিদ্যালয়খনত ৷ ফলত বিদ্যালয়খনৰ ছাত্ৰছাত্ৰীয়ে গ্ৰহন কৰিছে শিক্ষাদানৰ মহান কৰ্তব্য ৷ জানিব পৰা মতে ৪জন শিক্ষক থকা বিদ্যালয়খনৰ এজন শিক্ষকনিৰ্বাচনী দায়িত্বত থকাৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী আছে ছুটীত ৷ প্ৰধান শিক্ষকজনৰ লগতে আন দুগৰাকী শিক্ষকৰ দেখা দেখি নাই বিদ্যালয়ত ৷ এনেদৰেই চলি থাকে বিদ্যালয়খন ৷তাৰমাজতে আন এজন শিক্ষক ব্যস্ত মোবাইলত৷ একাংশ লোকৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষকৰ সৈতে থকা বুজাবুজিৰে এনেদৰেই চলি আছে বৰপেটাৰ বৰফালাদি বিদ্যালয়খন ।

ABOUT THE AUTHOR

...view details