অসম

assam

By

Published : Dec 9, 2019, 9:11 AM IST

ETV Bharat / state

অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি ৷ বন্ধ সমৰ্থকে ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্য়স্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৷

অসম বন্ধ
অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

বৰপেটা, 9 ডিচেম্বৰঃ কলগাছিয়াতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক দেখা গ'ল সোমবাৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

কলগাছিয়া চাৰিআলি চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি কেবৰ বিৰুদ্ধে ৷

আৰু পঢ়কঃ টীয়ক,ধেমাজি,শিৱসাগৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details