বৰপেটা, ১৯ ডিচেম্বৰ : বৰপেটাৰ বহৰিত অগপ দলৰ শক্তি প্ৰদৰ্শন ৷ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত আজি অনুষ্ঠিত হয় চেঙা সমষ্টিভিত্তিক মহিলা সমাৰোহ ৷ অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰী, কেশৱ মহন্ত, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয়, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাকে ধৰি কেবাগৰাকীও নেতাৰ উপস্থিতিত বহৰিত অনুষ্ঠিত মহিলা সমাৰোহত কেবা হাজাৰ মহিলাই অংশগ্ৰহণ কৰে ৷
চেঙা সমষ্টিভিত্তিক মহিলা সমাৰোহত অংশগ্ৰহণ কৰা অগপৰ শীৰ্ষ নেতৃত্ব কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টিৰ পৰা ২১ৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী জয়ী কৰোৱাৰ লক্ষ্যৰে অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে অগপ এতিয়াও কিমান শক্তিশালী সেয়া প্ৰমাণ কৰিবলৈকে মহিলা সমাৰোহ অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে ৷
অগপৰ স্থিতিক লৈ কেশৱ মহন্ত চেঙা সমষ্টিত এতিয়াও অগপ দল শক্তিশালী হৈ থকা বুলি দাবী কৰি ২১ৰ নিৰ্বাচনত চেঙা সমষ্টিটো অগপই দখল কৰিব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে পাটাছাৰকুছি সমষ্টিৰ অগপ নেতা কৰ্মীসকলৰ আস্থা আৰু বিশ্বাস হেৰুৱাই পেলােৱাৰ লগতে ২১ৰ নিৰ্বাচনত জিকাৰ সম্ভাৱনা নথকাৰ বাবেই বিধায়ক পবিন্দ্ৰ ডেকাই অগপ ত্যাগ কৰা বুলি দাবী কৰে ফনীভূষণ চৌধুৰীয়ে ৷ পবিন্দ্ৰ ডেকাৰ স্থিতি কিমান শক্তিশালী সেয়া সময়ে প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কটাক্ষ কৰি নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দল গঠন হয়েই বুলি মন্তব্য কৰে ৷ যিসকলে নতুন ৰাজনৈতিক দল গঠন কৰিছে তেওঁলোকে এনেয়েও অগপক ভোট নিদিয়ে সেয়ে এই দলবোৰে অগপক কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে ৷
অগপৰ স্থিতিক লৈ ফনীভূষণ চৌধুৰী আনহাতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বহৰিত অনুষ্ঠিত মহিলা সমাৰোহখনত হাজাৰ হাজাৰ সংখ্যালঘু মহিলাৰ অংশগ্ৰহণ শুভ লক্ষণ বুলি অভিহিত কৰি আগন্তুক নিৰ্বাচনত চেঙা সমষ্টিত অগপ জয়ী হব বুলি দাবী কৰে ৷ আনহাতে পবিন্দ্ৰ ডেকাই পূৰ্বেও অগপৰ পৰা পদত্যাগ কৰি অন্য দলত যোগদান কৰা বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক :ৰঙিয়াক জিলা ঘোষণা কৰাৰ দাবীত ২৪ ঘণ্টীয়া অনশন