অসম

assam

By

Published : May 24, 2019, 9:50 PM IST

ETV Bharat / state

ৰাজীৱ ভৱনত সতীৰ্থই আদৰিলে আব্দুল খালেকক

বৰপেটা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটক বিধ্বস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ আব্দুল খালেকে ৬, ৪৫, ১৭৩ টা ভোট লাভ কৰি, বিপুল ভোটৰ ব্যৱধানত জয়ী হয় ৷ অগপৰ কুমাৰ দীপক দাসক প্ৰায় ১ লাখ ৪০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে আব্দুল খালেকে ৷

ৰাজীৱ ভৱনত সতীৰ্থই আদৰিলে আব্দুল খালেকক

বৰপেটা, ২৪ মেঃ বৰপেটাৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকক আদৰণি দলীয় সতীৰ্থৰ । নেতাগৰাকীৰ জয়ৰ আনন্দত উৎফুল্লিত কংগ্ৰেছ কৰ্মীসকল ।

ৰাজীৱ ভৱনত সতীৰ্থই আদৰিলে আব্দুল খালেকক


নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকক কংগ্ৰেছ কৰ্মীসকলে খোল- তাল বজায় বৰপেটা পাঁচআলিৰ পৰা ৰাজীৱ ভৱনলৈ আদৰি আনে ৷ সমগ্ৰ দেশতে কংগ্ৰেছ দলৰ চৰম বিপৰ্যয়ৰ মাজতো তেওঁক বিজয়ী কৰিবলৈ সক্ষম হোৱা দলৰ নেতা, কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জনায় আব্দুল খালেকে ৷ আনহাতে নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ৷ বিশেষকৈ সংসদৰ মজিয়াত সৰব ভূমিকা পালন কৰাৰ উপৰিও সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী হিচাপে ঘোষনা কৰা, বৰপেটাৰ বান-খহনীয়া সমস্যা আৰু, ডি ভোটাৰৰ সমস্যাৰ সমাধানৰ লগতে বৰপেটা চহৰক ৰেলপথেৰে সংযোগ কৰাৰ ক্ষেত্ৰত তেওঁ সৰব ভূমিকা পালন কৰিব বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে ।

লগতে আন এটা বাতৰি- পুনৰ দিল্লীলৈ বাট বুলিলে নৱ শৰনীয়াই

ABOUT THE AUTHOR

...view details