অসম

assam

ETV Bharat / state

অখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম - Akhil Gogoi arrest latest news

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হয় ৷ এইয়া চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

Asraful Islam On Akhil Gogoi arrest
অখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম

By

Published : Dec 19, 2019, 3:25 AM IST

বৰপেটা, 18 ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হয় ৷ এইয়া চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ বুধবাৰে ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কৃষক মুক্তি সংগ্ৰাম সমিতি মূলত জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ এটা সংগঠন ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details