বৰপেটা, ১৫ জানুৱাৰী : শনিবাৰে ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ’ল মাঘ বিহুৰ উৰুকা (Magh Bihu 2023)৷ উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খাই আনন্দ-উল্লাস কৰাৰ পিচত দেওবাৰে পুৱা মেজি প্ৰজ্বলন কৰি বিহু উদযাপন কৰে ৰাজ্যবাসীয়ে ৷ পিছে সত্ৰীয়া পৰম্পৰা কিছু দোচোৰা ৷ বিশেষকৈ বৰপেটা সত্ৰৰ(Barpeta Satra) লগতে জিলাখনত ৰাজ্যৰ আন প্ৰান্তৰ দৰে সংক্ৰান্তিৰ দিনা উদযাপন কৰা নহয় বিহু ৷
সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত দেওবাৰেহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা (Magh Bihu at Bapeta Satra)৷ দেওবাৰে সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি জিলাখনৰ শতাধিক গাঁৱৰ সত্ৰবাসী ৰাইজে উদযাপন কৰিছে ভেগালীৰ উৰুকা ৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ(Barpeta Satra Kirtanghar) টুপৰ চোতালত মেজি নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল ৷
বৰপেটা সত্ৰৰ লগতে সত্ৰৰ হাটীসমূহত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ডেকা-বুঢ়া সকলো ৷ পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল-খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় (Meji at Barpeta Satra)৷ মেজি অথবা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷