জনীয়া, 24 জানুৱাৰী: কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত হ’ল এখন ডাম্পাৰ । দ্ৰুতবেগত গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলতে সংগঠিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰ খনৰ নম্বৰ হৈছে - AS-15 AC 1184 ৷
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কলগাছিয়াৰ বালাৰপথাৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে ডাম্পাৰ খনৰ চালক জনৰ। নিশাৰ এন্ধাৰৰ সুযোগ লৈ সৰভোগৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰা সময়তে নিশা বালাৰপথাৰত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰ খনৰ চালক জনে পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে।