বৰপেটা, ২৯ অক্টোবৰ: খোল-তালৰ শব্দৰে মুখৰিত হ'ল গজিয়া সত্ৰৰ চৌপাশ৷ নাম-প্ৰসংগৰ মাজেৰে আধ্যাত্মিক পৰিৱেশত বৃহস্পতিবাৰে গজিয়া সত্ৰৰ নৱনিৰ্মিত কীৰ্তনঘৰ আৰু মনিকূট গৃহ উদ্বোধন কৰা হয়। সত্ৰনগৰী বৰপেটাৰ নিচেই সমীপৰ এই ঐতিহাসিক সত্ৰখন প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰম মিত্ৰ শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাই।
গজিয়া সত্ৰৰ নৱনিৰ্মিত কীৰ্তনঘৰ আৰু মনিকূট উদ্বোধন - নাৰায়ণ দাস ঠাকুৰ আতা
বৰপেটাত নাৰায়ণ দাস ঠাকুৰ আতা প্ৰতিষ্ঠিত গজিয়া সত্ৰৰ নৱনিৰ্মিত কীৰ্তনঘৰ আৰু মনিকূট গৃহ উদ্বোধন। কীৰ্তনঘৰভাগৰ দ্বাৰ মুকলি কৰে গজিয়া সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰ নাৰায়ণ দেৱ অধিকাৰীয়ে।

গুৰুজনাৰ একশৰণ হৰি নাম ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ সত্ৰনগৰী বৰপেটাৰ প্ৰাচীন সত্ৰসমূহৰ ভিতৰত গজিয়া সত্ৰ অন্যতম। ৰাজ্য চৰকাৰৰ ২০ লাখ টকাৰ অনুদান আৰু ৰাইজৰ সহায়-সহযোগত সত্ৰৰ নৱনিৰ্মিত মনিকূট আৰু কীৰ্তনঘৰভাগৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ কীৰ্তনঘৰভাগৰ দ্বাৰ মুকলি কৰে গজিয়া সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰ নাৰায়ণ দেৱ অধিকাৰীয়ে ৷
মনিকূট গৃহ আৰু কীৰ্তনঘৰৰ দ্বাৰ মুকলিৰ পিচতে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে সত্ৰৰ বন্তি প্ৰজ্বলন কৰে ৷ ইয়াৰ পিচতে নাম-প্ৰসংগ অনুষ্ঠিত হয়৷ উল্লেখ্য যে, COVID-19ৰ প্ৰট'কল অনুসৰি সীমিত সংখ্যক ভক্ত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।