বৰপেটা, ৭ ডিচেম্বৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বাইসাত আজি ১৮নং মধ্য পশ্চিম সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় । মণ্ডল কংগ্ৰেছৰ সভাপতি হাছেন খানৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মণ্ডল সমিতিৰ উপদেষ্টা জমিৰ আলীয়ে । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷
সৰুক্ষেত্ৰীৰ বাইসাত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা - পশ্চিম সৰুক্ষেত্ৰী
আজি ১৮নং মধ্য পশ্চিম সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । সভাখনত নতুনকৈ গঠন হোৱা মণ্ডল সমিতি, মহিলা মণ্ডল সমিতি, বুথ কমিটিৰ বিষয়-ববীয়া, সদস্যসকলক ফুলাম গামোচাৰে আদৰণী জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।
ইফালে বিধায়ক জাকিৰ হুছেইন শিকদাৰে নতুনকৈ গঠন হোৱা মণ্ডল সমিতি, মহিলা মণ্ডল সমিতি, বুথ কমিটিৰ বিষয়-ববীয়া, সদস্য সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণী জনায় । লগতে সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিবলৈ কংগ্ৰেছৰ মণ্ডল সমিতিয়ে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ ভেটি সবল বুলি কোৱাৰ লগতে বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে।
লগতে পঢ়ক- বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃ প্ৰদ্যুৎ বৰদলৈ