বৰপেটা,২৫ জুনঃ বৰপেটাৰ ৰাজপথলৈ ওলাই আহিল মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ মাধৱ চৌধুৰী মহাবিদ্যালয় চমুকৈ এম চি কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লোকসভা নিৰ্বাচনৰ কামত প্ৰায় তিনিমাহ ধৰি মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ অধিগ্ৰহণ কৰি ৰাখিছিল জিলা প্ৰশাসনে ৷ কলেজখন অধিগ্ৰহণ কৰি স্থাপন কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ষ্ট্ৰংৰূম ৷
বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত ছাত্ৰ-ছাত্ৰী - লোকসভা নিৰ্বাচন
লোকসভা নিৰ্বাচনৰ কামত প্ৰায় তিনিমাহ ধৰি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়খন অধিগ্ৰহণ কৰি ৰাখিছিল জিলা প্ৰশাসনে ৷ বৰ্তমানেও নিৰ্বাচনৰ বিভিন্ন সামগ্ৰীৰে ভৰি আছে শ্ৰেণীকোঠা ৷ শীঘ্ৰে মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ খালী কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ
![বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত ছাত্ৰ-ছাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3659889-thumbnail-3x2-poi.jpg)
শ্ৰেণী কোঠাসমূহ অধিগ্ৰহণ কৰি ৰখাৰ ফলত মহাবিদ্যালয়খনৰ প্ৰায় তিনিমাহ ধৰি পাঠদান বন্ধ হৈ আছিল ৷ ফলত পাঠ গ্ৰহণৰ ক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ এতিয়াও কলেজখনৰ কোঠাসমূহত ৰাখি থোৱা আছে নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত ব্যৱহৃত ইভিএমসহ নিৰ্বাচনৰ সামগ্ৰী ৷ অতি শীঘ্ৰে কলেজখন খালি কৰি দিয়াৰ দাবীত ৰাজ্যৰ নিৰ্বাচন আয়ুক্তলৈ ছাত্ৰ একতা সভাৰ সদস্যসকলে স্মাৰকপত্ৰ প্ৰেৰণ ৷ ২৭ জুনত মহাবিদ্যালয়ৰ কোঠাসমূহ খালী কৰি দিবলৈ সময়সীমা দিয়ে ছাত্ৰ একতা সভাই ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ ৷
আৰু পঢ়কঃ পথৰ কাষত জ্বলিব লগা সৌৰচাকি জ্বলিল বিজেপি নেতাৰ চোতালত