বৰপেটা,৩০ জানুৱাৰী:বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ বহৰিত আজি অসম জাতীয় পৰিষদৰ এখন বুথ কৰ্মী সভা অনুষ্ঠিত হয় । উক্ত সভাখনত অংশগ্ৰহণ কৰে দলটোৰ উপ সভাপতি দুলু আহমেদে । সভাত অংশগ্ৰহণ কৰি তেওঁ সাংবাদিকৰ আগত বৰপেটাত অসম জাতীয় পৰিষদে ৭৫% আসন লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে।
ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে সৰভোগত গছৰ মূৰা এটাকো যদি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব দিয়া হয়, তেনেহ'লে সৰভোগৰ ৰাইজে জিকাব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সৰভোগৰ ৰাইজ বুৰ্বক নহয় । বিজেপি চৰকাৰ খনে যি প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে এই সকলো বিলাক ৰাইজে তীক্ষ্ণভাবে নজৰ দি আছে ৷ আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে দুলু আহমেদে ৷
সৰভোগৰ ৰাইজ বুৰ্বক নহয়ঃ উপ সভাপতি দুলু আহমেদ অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদে বৰপেটাৰ সাংসদ আব্দুল খালেক সন্দৰ্ভতো আগবঢ়াই বিষ্ফোৰক মন্তব্য ৷ জনিয়াত কংগ্ৰেছৰ বিধায়কজন জয়লাভ কৰাতো নিবিচাৰে আব্দুল খালেকে । তেওঁ অসম জাতীয় পৰিষদৰ দলটোক সহায় কৰিব ৷ তাৰোপৰি বিজেপি আৰু এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰি কংগ্ৰেছকো সমালোচনা কৰে জাতীয় পৰিষদৰ নেতাজনে । কংগ্ৰেছ সন্দৰ্ভত তেওঁৰ মন্তব্য কৰি কয় যে কংগ্ৰেছ এতিয়া ধৰাশায়ী হৈ পৰিছে । সেয়ে সাম্প্ৰদায়িক দল এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ।
উল্লেখ্য যে, ৪ ফেব্ৰুৱাৰীত বহৰিত অসম জাতীয় পৰিষদৰ এখন বিশাল সমাৰোহ অনুষ্ঠিত হ'ব ৷ উক্ত সমাৰোহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । মূলত তাৰেই প্ৰস্তুতিৰ অংশ হিচাপে আজি বহৰিত উপস্থিত হয় দুলু আহমেদ । এই বুথ পৰ্যায়ৰ সভাখনত জাতীয় পৰিষদৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।
লগতে পঢ়ক-বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ