বৰপেটা, ২৩ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোমবাৰে বৰপেটাতো পথ সভাৰ আয়োজন কৰে চি পি আই এমে । অহা ২৬ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ শ্ৰমিক, কৃষক সংগঠনসমূহে দেশজোৰা ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে দেশৰ প্ৰান্তে প্ৰান্তে বাওঁপন্থী দলসমূহে প্ৰচাৰ সভা আৰম্ভ কৰিছে ৷ বৰপেটাত চি পি আই এমৰ বহৰি আঞ্চলিক সমিতিয়ে পথ সভাৰ আয়োজন কৰি অহা ২৬ নৱেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰিবলৈ ৰাইজক আহ্বান জনায় ।
বৰপেটাত CPI(M)ৰ পথ সভা - বৰপেটাত
অহা ২৬ নৱেম্বৰত আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট সফল কৰাৰ লক্ষ্যৰে গাঁও, নগৰ সকলোতে প্ৰচাৰ চলাইছে চি পি আই এমে। বৰপেটাত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে পথ সভাৰ আয়োজন কৰে দলটোৰ বহৰি আঞ্চলিক সমিতিয়ে।
বৰপেটাত CPI(M)ৰ বহৰি আঞ্চলিক সমিতিৰ পথ সভা
দলটোৱে অভিযোগ উত্থাপন কৰিছে যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি সমূহে শ্ৰমিক, কৃষকৰ দৰে সাধাৰণ ৰাইজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে৷ সেয়ে গাঁও আৰু নগৰত পথ সভাৰ আয়োজন কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে চি পি আই এমে।
লগতে পঢ়ক:নগাঁৱত নিখিল ভাৰত কৃষক সভাৰ আমৰণ অনশন