অসম

assam

ETV Bharat / state

Arunodaya Cheque distribution in Barpeta: বৰপেটাত অৰুণোদয়ৰ চেক বিতৰণ ৰণোজ পেগুৰ - Official launch of Arunodaya Scheme

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে বৰপেটাতো অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেইবা সহস্ৰাধিক মহিলাক বিতৰণ কৰে অৰুণোদয় ২.০ আঁচনিৰ চেক ।

Arunodaya Cheque distribution in Barpeta
বৰপেটাত অৰুণোদয় চেক বিতৰণ ৰণোজ পেগুৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:10 PM IST

বৰপেটাত অৰুণোদয় চেক বিতৰণ ৰণোজ পেগুৰ

বৰপেটা,১২ অক্টোবৰ:বৃহস্পতিবাৰে বৰপেটা জিলাত শুভাৰম্ভ কৰা হয় অসম চৰকাৰৰ অৰুণোদয় ২.০ আঁচনি ৷ বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত সহস্ৰাধিক মহিলাৰ উপস্থিতিত আয়োজিত ৰাজহুৱা সভাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰপেটাত ৩৩ হাজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে ৷

মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত প্ৰতীকীভাৱে দহগৰাকী হিতাধিকাৰীৰ হাতত আঁচনিখনৰ ধনৰ চেক তুলি দিয়াৰ লগে লগে বৰপেটা জিলাত অৰুণোদয়ৰ ধন লাভ কৰা হিতাধিকাৰীৰ সংখ্যা এক লাখ ১৫ হাজাৰলৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে । চেক বিতৰণ কৰি প্ৰদান কৰা ভাষণত অসমৰ প্ৰতিজন লোকৰ প্ৰতি চৰকাৰ দায়ৱদ্ধ বুলি প্ৰকাশ কৰি শাসক-বিৰোধী বুলি কোনো প্ৰভেদ নৰখাকৈ অসম চৰকাৰে চৰকাৰৰ প্ৰতিখন আঁচনিত উপযুক্ত লোকসকলক সামৰি লৈছে বুলি মন্তব্য কৰে ।

ডাঃ পেগুৱে লগতে কয় যে অৰুণোদয় দ্বিতীয় কাৰ্যকৰী কৰাৰ ফলত ৰাজ্যত হিতাধিকাৰীৰ সংখ্যা ২৭ লাখ ছয় হাজাৰগৰাকীলৈ বৃদ্ধি পালে । প্ৰসংগক্ৰমে মন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে ৮৩০ টকাৰ টকাৰ পৰা আৰম্ভ হোৱা অৰুণোদয় আঁচনিখনৰ ধন বৰ্তমান ১,২৫০ টকালৈ বৃদ্ধি কৰা হৈছে । এই ধন তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰো পৰিকল্পনা কৰা হৈছে বুলিও মন্তব্য কৰে ।

কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয় হোৱাৰ পিছতে প্ৰতিখন আঁচনি বন্ধ কৰি হিতাধিকাৰীক ঠগি আহিছিল ৷ কিন্তু বিজেপি চৰকাৰে ২০২০ চনত আৰম্ভ কৰা আঁচনি বন্ধতো কৰা নায়েই বৰঞ্চ আঁচনিৰ ধন আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাই আছে আৰু এই সংখ্যা ৩ হাজাৰ টকালৈ বৃদ্ধি পাব বুলিও সদৰি কৰে ৷ অনুষ্ঠানত বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গ, ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাস আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে‌ ।

লগতে পঢ়ক:CM in Jorhat: চৰকাৰৰ টাৰ্গেট 32 লাখ অৰুণোদয় হিতাধিকাৰী; সুদূৰ পৰাহত উজনিৰ ফ’ৰলেন !

For All Latest Updates

ABOUT THE AUTHOR

...view details