পাঠশালা, 17 জানুৱাৰী : কলা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ অসম চৰকাৰে ইতিমধ্যে ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে (State Government's artist pension) ৷ ১৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান । আনহাতে, এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰসিদ্ধ শিল্পী অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীলৈ (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) ।
উল্লেখ্য যে, বজালী জিলাৰ বামাখাটাৰ লোকশিল্পী বসন্ত পাটগিৰিয়ে লাভ কৰিছে শিল্পী পেঞ্চন (Artist pension to a exponent of folk culture) । ২০২১-২২ বৰ্ষত অসম চৰকাৰে ৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা শিল্পী পেঞ্চনৰ তালিকাত শিল্পীগৰাকীৰ নাম সন্নিৱিষ্ট হোৱাত উৎফুল্লিত হৈ পৰিছে পাটগিৰি ৷
এই খবৰৰ পিছতেই সমগ্ৰ বজালী জিলাতে এক আনন্দৰ জোঁৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ নিজৰ সৃষ্টিৰাজিৰে জনসাধাৰণৰ মাজত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীক চৰকাৰে শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পিছতেই দেওবাৰে শিল্পীগৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷