বৰপেটা, ১৫ ছেপ্টেম্বৰঃদিল্লীত অনুষ্ঠিত জি ২০ সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ ৭৮ গৰাকী বাদ্যশিল্পীয়ে একেলগে ভাৰতীয় শাস্ত্ৰীয় সংগীত, কৰ্ণাটকী সংগীত, বৰগীত, লোকসংগীত প্ৰদৰ্শন কৰি সমাদাৰ লাভ কৰে ৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সংগীত নাটক অকাডেমীৰ বিশেষ আমন্ত্ৰণত খোল বাদ্যৰ শিল্পী বৰপেটাৰ মনোজ কুমাৰ দাসে লোক সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে । বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ বাবে আয়োজন কৰা বিবিধ অনুষ্ঠানৰ মাজত পৰিবেশন কৰা ভাৰতীয় বাদ্য শিল্পীৰ অনবদ্য অনুষ্ঠান 'গন্ধৰ্ব আতোধ্যায়'ত তেওঁ অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:Sukur Ali detained: মাংস লৈ আহোঁতেই আগমণিত ৰাইজে বেৰি ধৰিলে শুকুৰ আলীক; গটালে আৰক্ষীক
দেশৰ ৭৮ গৰাকী পণ্ডিত শিল্পীৰ সৈতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসৰ লগতে অসমৰ আন এগৰাকী লোক সংগীত শিল্পী দিলীপ হীৰাই ৷ অসমৰ খোলবাদ্য, ডগৰ, হোলীঢোল, ঢোল, পেপা গগনাকে আদি কৰি শাস্ত্ৰীয় আৰু লোকসংগীতৰ বাদ্য প্ৰদৰ্শনৰ জৰিয়তে আমাৰ দেশৰ সমৃদ্ধ সংগীত শিল্পক বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হোৱা ভাৰতৰ সংগীত শিল্পীসকলৰ অন্যতম শিল্পী মনোজ কুমাৰ দাসক বৃহস্পতিবাৰে সন্ধিয়া বৰপেটাত সম্বৰ্ধনা জনোৱা হয় ৷