বৰপেটা, 26 নৱেম্বৰ :শুকুৰবাৰে ঘোষণা কৰা হ’ল 2019, 2020 আৰু 2021 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম ৷ ভাৰতৰ স্বাধীনতাৰ 75 বছৰীয়া আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এইবাৰ প্ৰদান কৰিব এই বঁটা (Sangeet Natok Academy Award 2022) ৷
2019, 2020 আৰু 2021 বৰ্ষত সংগীত, নৃত্য, নাট্য, পৰম্পৰাগত/লোক/জনজাতীয় সংগীত/ ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেবাগৰাকীও শিল্পীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীৰ ভিতৰত অসমৰ 5 গৰাকী শিল্পীয়েও লাভ কৰিছে এই বিশেষ সন্মান (128 artists will receive the prestigious Akademi Puraskar) ৷
ইয়াৰ ভিতৰত বৰপেটাৰ বিশিষ্ঠ বৰগীতৰ শিল্পী গুণীন্দ্ৰ নাথ ওজাও 2021 বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে (Artist Gunindra Nath Ojah will receive prestigious Akademi Puraskar 2022) ৷ পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে বৰপেটাৰ গুণীন্দ্ৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা সংগীত নাটক অকাডেমী বঁটা । ইফালে এই বাতৰি পোৱাৰ পিচতে সত্ৰনগৰী বৰপেটাত সৃষ্টি হয় আনন্দ উল্লাসৰ ৷