অসম

assam

ETV Bharat / state

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ ৬০ সংখ্যক মৃত্যু দিৱস উপলক্ষে শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে

By

Published : Sep 13, 2019, 12:24 PM IST

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন

জনীয়া, 12 ছেপ্তেম্বৰ :সৈনিকশিল্পী, স্বাধীনতা সংগ্ৰামী, অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ বৃহশ্পতিবাৰে ৬০ সংখ্যক মৃত্যু দিৱস ৷ ১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত মৃত্য হোৱা শিল্পীগৰাকীৰ মৃত্যু দিৱস উপলক্ষে বৃহস্পতিবাৰে বৰপেটাৰ সৰভোগত সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাক স্মৰণ কৰে সৰভোগবাসীয়ে ৷ শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনটোতে সৰভোগৰ ক্লাব নিভিয়াৰ উদ্যোগত সৰভোগ সমষ্টিৰ বিধায়কৰ পুূূঁজিৰে নিৰ্মিত সৈনিক শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ অনুষ্ঠানত অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়েও অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ইতিপূৰ্বে সৰভোগত স্থাপন কৰা ব্ৰজনাথ শৰ্মাৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷ লগতে সৰভোগত শিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু যতীন বৰাই ৷ সৰভোগত স্বাধীনতা সংগ্ৰামী, সৈনিকশিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি জনাই বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ শিল্পীগৰাকীৰ স্মৃতিদিৱসৰ অনুস্থানত অংশগ্ৰহণ কৰাৰ লগতে অভিনেতা যতীন বৰাই ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ৰত্নাকৰৰ বাবে শিল্পীগৰাকীৰ আশীৰ্বাদ বিচাৰে।

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details