বৰপেটা, 29 মে’ :গুৱাহাটীৰ আৰ্টিষ্ট গীল্ড আৰু বৰপেটা কলা একাডেমীৰ সহযোগত বেনু মিশ্ৰ সোঁৱৰণী ন্যাসে শিল্পীগৰাকীৰ জন্মভূমি বৰপেটাত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে (Artist Benu Mishra memorial lecture) ৷ দেওবাৰে বৰপেটা কলা একাডেমীত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷
মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কবীন্দ্ৰ নাথ দাস আৰু বৰপেটাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ কুলৰঞ্জন ডেকাই এই অনুষ্ঠানত উপস্থিত থাকি বেনু মিশ্ৰৰ জীৱন-কৃতি আৰু সৃষ্টি ৰাজিৰ ওপৰত আলোকপাত কৰে ৷