অসম

assam

By

Published : May 19, 2022, 8:47 PM IST

ETV Bharat / state

কৃত্ৰিম বানৰ কবলত বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাষাৰ বৰষুণ । এই বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ অধিকাংশ চহৰকে ধৰি বিভিন্ন অঞ্চলত বৰষুণৰ পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ । ধাৰাষাৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃত্ৰিম বানৰ সৃষ্টি (Artificial floods at Chenga Primary Health Centre) ৷

artificial_floods_at_barpeta_changa_primary_health_centre in Barpeta
কৃত্ৰিম বানৰ কবলত বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

বৰপেটা, 19 মে’: বিগত কেবাদিনো ধৰি চলি থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Artificial flood at Chenga Primary Health Centre) ৷ মাত্ৰ এজাক মুষলধাৰ বৰষুণৰ পাছত জলাশয়সদৃশ হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ ।

এতিয়া ৰোগীসকলৰ লগতে স্বাস্থ্যকৰ্মী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ চিকিৎসালয়খনৰ চাৰিওফালে পানী পৰিপূৰ্ণ হোৱাৰ বাবে ৰোগীসকল আহ-যাহ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ৷ ইফালে এনে পৰিস্থিতিৰ সন্দৰ্ভত বহুবাৰ স্থানীয় দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক ৰাইজৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই আহিছে ৷ যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

কৃত্ৰিম বানৰ কবলত বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ এনে নিৰ্বিকাৰ ভূমিকাৰ বাবে উদ্বিগ্ন হৈ পৰিছে সচেতন লোকসকল । এনে বৰষুণৰ পাছতে স্বাস্থ্য কেন্দ্ৰটো কৃত্ৰিম বানৰ কবলত পৰাত স্বাস্থ্য সেৱাৰ বাবে জটিলতাৰ সৃষ্টি হৈছে । উল্লেখ্য যে, এজাক নেৰানেপেৰা বৰষুণ আহিলেই কৃত্ৰিম বানত ডুব যায় চিকিৎসালয়খন ।

পিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বৰষুণৰ ফলত আৱদ্ধ পানী নিষ্কাষণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই ।

লগতে পঢ়ক :3.50 টকা মূল্যবৃ্দ্ধিৰে 1000 টকীয়া হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ

ABOUT THE AUTHOR

...view details