জনীয়া, 29 জুন:এজাক বৰষুণতে বানত বুৰিল বৰপেটা জিলা(barpeta district)ৰ কলগাছিয়াৰ এটা স্বাস্থ্য কেন্দ্ৰ (health center) ৷ হঠাৎ অহা এজাক বৰষুণৰ ফলতে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ভিতৰ ভাগ ভৰি পৰিল পানীৰে ৷ যাৰ ফলত বন্ধ হৈ পৰিল কেন্দ্ৰটোৰ সকলো কাম-কাজ ৷ ৰাজ্যত চলি থকা মেগা ভেকচিনেশ্বন(mega vaccination)ৰ সময়তে এনেদৰে কেন্দ্ৰটো বুৰ যোৱাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
পূৰ্বৰ পৰা এনেদৰে কৃত্ৰিম বান(artificial flood)ত বুৰ গৈ আহিছে স্বাস্থ্য কেন্দ্ৰটো ৷ প্ৰতিবছৰে বাৰিষা আহিলেই স্বাস্থ্য কেন্দ্ৰটো বন্ধ ৰাখিবলগীয়া হয় স্বাস্থ্য কৰ্মী সকলে ৷ কাৰণ কেন্দ্ৰটোত প্ৰৱেশ কৰাৰ কোনো উপায় নাথাকে ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ জনাই অহাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মী সকলে ৷
এইবেলি পুনৰ এজাক বৰষুণতে বুৰ গৈছে স্বাস্থ্য কেন্দ্ৰটো ৷ কৃত্ৰিম বানত কেন্দ্ৰটোৰ সকলো আচবাব পানীত ডুব যোৱাৰ লগতে নষ্ট হৈ গৈছে ক'ভিড প্ৰতিষেধক ৷ আঠুলৈকে পানী সোমোৱা স্বাস্থ্য কেন্দ্ৰটোত কাৰ্টনে কাৰ্টনে নষ্ট হৈ গ'ল বহু ঔষধৰ লগতে আন আন চিকিৎসা সঁজুলি ৷ ইফালে পানীত আবদ্ধ হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটোত থকা একমাত্ৰ এম্বুলেঞ্চখনো ৷ যাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক সকল ৷