অসম

assam

ETV Bharat / state

কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ - Artificial Flood

কৃত্ৰিম বানৰ বাবেই অঞ্চলটোত বৰষুণ দিলেই একেবাৰে বন্ধ হৈ পৰে ব্যৱসায় বাণিজ্য । বৰপেটা অসামৰিক চিকিৎসালয় চৌহদতো কৃত্ৰিম বানৰ বাবে ৰোগীসকল অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় ।

Artificial Flood in Kalgachia
কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

By

Published : Jun 26, 2020, 11:24 AM IST

কলগাছিয়া, 26 জুন: বৰপেটাৰ জনীয়া সমষ্টিৰ কলগাছিয়াৰ অতি ব্যস্ততাপূৰ্ণ এটি গড়কাপ্তানী পথ । কৃত্ৰিম বানপানীৰ ফলত বিগত তিনি বছৰ ধৰি যমৰ যাতনাত ভুগিবলগীয়া হৈছে এই পথছোৱাৰে প্ৰতিদিনে যাতায়ত কৰা হাজাৰ হাজাৰ ৰাইজে । কলগাছিয়া ষ্টেট বেংকৰ পৰা বলাইপাথাৰ, লাচাংগা, চৰচৰীয়া আদিকৰি প্ৰায় দহখন গাঁৱৰ একমাত্ৰ সংযোগী পথটো মাত্ৰ এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী জমা হয় ৷ কৃত্ৰিম বানৰ ফলত মাজে সময়ে সৰু বৰ দুৰ্ঘটনাও সংঘটিত হয় পথটোত ।

কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

কৃত্ৰিম বানৰ বাবেই অঞ্চলটোত বৰষুণ দিলেই একেবাৰে বন্ধ হৈ পৰে ব্যৱসায় বাণিজ্য । ফলত পথটোৰ দুয়োকাষে থকা ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । একেদৰে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয় চৌহদতো কৃত্ৰিম বানৰ বাবে সৃষ্টি হয় একে অৱস্থা ৷ ইয়াৰ বাবে ৰোগীসকলো অহা যোৱা কৰাত বিষম অসুবিধাৰ সন্মুখীন হয় । অঞ্চলটোত ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু স্থানীয় সাংসদক দাবী জনাইছে আমছু নেতৃত্বৰ লগতে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

ABOUT THE AUTHOR

...view details