অসম

assam

ETV Bharat / state

Artificial Flood: এজাক বৰষুণতেই কৃত্ৰিম বানৰ কবলত কলগাছিয়া স্বাস্থ্য কেন্দ্ৰ - কৃত্ৰিম বান

এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ গ’ল কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ কেন্দ্ৰটোৰ চৌহদটোত নলাৰ ব্যৱস্থা নোহোৱাৰ বাবে এনেদৰে এজাক বৰষুণতেই স্বাস্থ্য কেন্দ্ৰটো বানত বুৰ যাবলগীয়া হয় ৷ উপায়ন্তৰ হৈ হাতত চেন্দেল, জোতা লৈ কেন্দ্ৰটোত প্ৰৱেশ কৰিবলগীয়া হৈছে ৰোগী, কৰ্মচাৰী (Artificial Flood at Kalgachia )৷

এজাক বৰষুণতেই কৃত্ৰিম বানৰ কবলত কলগাছিয়া খণ্ডৰ স্বাস্থ্য কেন্দ্ৰ
এজাক বৰষুণতেই কৃত্ৰিম বানৰ কবলত কলগাছিয়া খণ্ডৰ স্বাস্থ্য কেন্দ্ৰ

By

Published : Aug 7, 2022, 7:54 AM IST

জনীয়া, 7 আগষ্ট:ৰাজ্যৰ কিছু অংশত এতিয়াও অব্যাহত আছে কৃত্ৰিম বানৰ প্ৰকোপ (Artificial Flood) ৷ বৰপেটাৰ কলগাছিয়াত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে এই কৃত্ৰিম বানপানীৰ (Artificial Flood at Kalgachia ) ৷ এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ গ’ল কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷

এজাক বৰষুণতেই কৃত্ৰিম বানৰ কবলত কলগাছিয়া খণ্ডৰ স্বাস্থ্য কেন্দ্ৰ

শনিবাৰে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাস্থ্য কেন্দ্ৰটোত হোৱা কৃত্ৰিম বানে কৰ্মচাৰীৰ লগতে ৰোগীকো যমৰ যাতনা ভোগাইছে ৷ কেন্দ্ৰটোৰ চৌহদটোত নলাৰ ব্যৱস্থা নোহোৱাৰ বাবে এনেদৰে এজাক বৰষুণতেই স্বাস্থ্য কেন্দ্ৰটোত বানত বুৰ যাবলগীয়া হয় ৷ উপায়ন্তৰ হৈ হাতত চেন্দেল, জোতা লৈ কেন্দ্ৰটোত প্ৰৱেশ কৰিবলগীয়া হৈছে ৰোগী, কৰ্মচাৰী ৷ অঞ্চলটোত থকা একমাত্ৰ কেন্দ্ৰটোত সততে ৰোগীৰ আহ জাহ চলি থাকে ৷

তেনে সময়তে এনেদৰে স্বাস্থ্য কেন্দ্ৰটো কৃত্ৰিম বানত বুৰ গ’লে অঞ্চলটোৰ লোকে জীয়াতু ভুগিবলগীয়া হয় ৷ ইয়াৰ পূৰ্ব এনে সমস্যাৰ কাৰণে কেবাবাৰো স্বাস্থ্য কেন্দ্ৰটো বন্ধ কৰি ৰাখিবলগীয়া হয় কৰ্মচাৰীসকলে ৷ কৃত্ৰিম বানৰ ফলত কেন্দ্ৰটোৰ প্ৰত্যেক কোঠাতে এক আঁঠু পানী হৈ কাৰ্যালটোৰ বহুত নথি-পত্ৰ আৰু ঔষধ নষ্ট হোৱা ঘটনাও ইতিমধ্যে সংঘটিত হৈছে ৷

ইয়াৰোপৰিও চিকিৎসালয়খনৰ কৰ্মৰচাৰীৰ আবাসীক কোঠাত পানী সোমাই ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে ৷ অতি সোনকলে চিকিৎসালয়খনত নলা নিৰ্মাণ কৰি কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ভুক্তভোগী কৰ্মচাৰীয়ে ৷

উল্লেখ্যে যে, ২০২১ চনত চিকিৎসালয় খনত কৃত্ৰিম বানপানী সৃষ্টি হোৱাত বিভাগীয় কৰ্তৃপক্ষই নলা নিৰ্মান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া সাময়িক ভাৱে স্থগিত ৰখা হৈছিল ৷ কিন্তু তাৰ পিছৰপৰাই আজিকোপতি নলাৰ কোনো কাম কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Damage road in Guwahati: অসাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

ABOUT THE AUTHOR

...view details