অসম

assam

ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান - উপযুক্ত নলাৰ অভাৱত কৃত্ৰিম বানত বুৰ গ'ল বৰপেটা অসামৰিক চিকিৎসালয়

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান ৷ উপযুক্ত নলাৰ অভাৱত কৃত্ৰিম বানত নৰক যন্ত্ৰণা ভোগ কৰিবলগা হৈছে ৰোগীয়ে ৷ ইয়াৰোপৰি, বিপদজনক হৈ পৰিছে হাস্পতালৰ ট্ৰেন্সফৰ্মাৰ ৷

Artificial flood at Barpeta Civil Hospital
বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান

By

Published : Sep 25, 2020, 12:52 PM IST

জনীয়া, 25 ছেপ্তেম্বৰ : কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান ৷ উপযুক্ত নলাৰ অভাৱত কৃত্ৰিম বানত নৰক যন্ত্ৰণা ভোগ কৰিবলগা হৈছে ৰোগীয়ে ৷ ইয়াৰোপৰি, বিপদজনক হৈ পৰিছে হাস্পতালৰ ট্ৰেন্সফৰ্মাৰ ৷

বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান

উল্লেখ্য যে, দৈনিক হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসা সেৱাৰ বাবে অহা কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়খন কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু, ইয়াৰ পাচতো কোনো ধৰণৰ নলা নিৰ্মাণ নকৰাৰ ফলত এইদৰেই এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বান । ফলত ৰোগীসকল অহা-যোৱা কৰাত চৰম অসুবিধাৰ সন্মুখীন হৈছে । যিকোনো মুহূৰ্তত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ পৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, একাংশই কৃত্ৰিম বানৰ সুবিধা লৈ সেই পানীতে কাপোৰ ধোৱাও পৰিলক্ষিত হৈছে ৷ শীঘ্ৰে উপযুক্ত নলা নিৰ্মাণ কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details