অসম

assam

ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী - drugs

বৰপেটাৰ পালহাজীৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় ইমৰাণ খণ্ডকাৰ আৰু মহিদুল হুছেইন নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীক ৷ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ ভৰ্তি ১০ টা কন্টেইনাৰ ৷

Arrested drug paddler_with brown sugar in Barpeta
বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

By

Published : Sep 25, 2020, 10:47 AM IST

বৰপেটা,25ছেপ্টেম্বৰ:নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত অভিযান অব্যাহত থকাৰ সময়তে জিলাখনৰ পালহাজীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুটা ড্ৰাগছ ব্যৱসায়ীক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বহৰিৰ ফুলবাৰী গাঁৱৰ ইমৰাণ খণ্ডকাৰ আৰু মহিদুল হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ব্ৰাউন চুগাৰ ভৰ্তি ১০ টা কন্টেইনাৰ ৷

বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

প্ৰাপ্ত তথ্য অনুসৰি, বহৰিৰ পৰা পালহাজীলৈ আহি থকা অৱস্থাত এএছ15 এম 0696 নম্বৰৰ পালচাৰ মটৰ চাইকেলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ভূৱনেশ্বৰ ডেকা আৰু বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসে অভিযান চলাই বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী দুটাক ৷

বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায় ৷ এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ১০ দিনৰ ভিতৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেটসহ ৫ টা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

অন্য এক খবৰৰ বাবে:মৰিগাঁৱত উন্মোচন তিনিখন গ্ৰন্থ

ABOUT THE AUTHOR

...view details