অসম

assam

By

Published : Sep 1, 2019, 10:55 AM IST

ETV Bharat / state

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

বৰপেটা জিলাৰ কলগাছিয়াত NRC তালিকাৰ পৰা বাদ পৰিল ভাৰতীয় সেনা বাহিনীত কৰ্মৰত 3 জোৱানসহ পৰিয়ালবৰ্গৰ নাম ৷ NRCৰ প্ৰথমখন খচৰাত পৰিয়ালটোৰ নাম সন্নিৱিষ্ট আছিল যদিওঁ চূড়ান্ত খচৰাৰ পৰা সেনা জোৱানকেইজনৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ আনহাতে অজিত আলী নামৰ আন এজন সেনা জোৱানসহ পৰিয়ালৰ নাম বাদ পৰিছে NRC-ৰ পৰা ৷

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

বৰপেটা, 1 চেপ্তেম্বৰঃ 31 আগষ্টত প্ৰকাশিত হোৱা চূড়ান্ত NRC ৰ তালিকাৰ পৰা বাদ পৰিল ভাৰতীয় সেনা বাহিনীত কৰ্মৰত 3 জোৱানসহ পৰিয়ালবৰ্গৰ নাম ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ বাসিন্দা এই তিনিজনকৈ ভাই-ককাই ক্ৰমে শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী ভাৰতীয় সেনাত কৰ্মৰত ৷ NRCৰ প্ৰথমখন খচৰাত পৰিয়ালটোৰ নাম সন্নিৱিষ্ট আছিল যদিওঁ চূড়ান্ত খচৰাৰ পৰা সেনা জোৱানকেইজনৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে ৷

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

পৰিয়ালটোৱে NRCৰ বাবে উপযুক্ত প্ৰমাণ পত্ৰ জমা দিছিল যদিও কেৱল শ্বহিদুল ইছলামৰ নামটোহে গ্ৰহণ কৰা পৰিলক্ষিত হ’ল ৷ আনহাতে অজিত আলী নামৰ আন এজন সেনা জোৱানসহ পৰিয়ালৰ নাম বাদ পৰিছে ৷ প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলোবোৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ পিছতো কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালৰটোৰ 6 জনকৈ সদস্যৰ নাম NRCৰ পৰা নাম বাদ পৰাত ক্ষোভিত পৰিয়ালটো ৷ ভূক্তভোগীয়ে কৰ্তৃপক্ষক অতি শীঘ্ৰেই বিষয়টো সমাধানৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details