অসম

assam

By

Published : Jul 22, 2020, 6:05 PM IST

ETV Bharat / state

আপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি ? সাৱধান

গুগল পে' এপ্লিকেচন ব্যৱহাৰ কৰি আপুনি ধনৰ আদান-প্ৰদান কৰে নেকি ? তেনেহ'লে সাৱধান ৷ ছেকেণ্ডৰ ভিতৰতে আপোনাৰ বেংক বেলেন্স হৈ পৰিব পাৰে শূণ্য ৷

Are you a Google Pay user Then  Be careful
আপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি?তেনেহ'লে সাৱধান

বৰপেটা, 22 জুলাইঃ আপুনি গুগল পে'ৰ ব্যৱহাৰকাৰী নেকি ? গুগল পে' এপ্লিকেচন ব্যৱহাৰ কৰি আপুনি ধনৰ আদান-প্ৰদান কৰে নেকি ? তেনেহ'লে সাৱধান ৷ ছেকেণ্ডৰ ভিতৰতে আপোনাৰ বেংক বেলেন্স হৈ পৰিব পাৰে শূণ্য ৷ কাৰণ হেকাৰে গ্ৰহণ কৰিছে এতিয়া নতুন পন্থা ৷

আপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি?তেনেহ'লে সাৱধান

এনে এক ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীত ৷ বিজু ৰাণী বৰ্মণ নামৰ এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা মূৰ্হুততে হেকাৰে লুটি নিলে 70 হাজাৰ টকা ৷ জানিব পৰা মতে,মহিলাগৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্ৰতী হৈ থকা চিকিৎসক স্বামীলৈ গুগল পে' যোগে প্ৰেৰণ কৰিছিল 7 হাজাৰ টকা ৷ কিন্তু বেংক একাউণ্টৰ পৰা কৰ্তন হয় 14 হাজাৰ টকা ৷ এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে গুগল পে'ৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ ফোন কৰি অভিযোগ দাখিল কৰে ৷ ইয়াৰ পিছতে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা মহিলাগৰাকীৰ বেংক একাউণ্টৰ সকলো তথ্য সংগ্ৰহ কৰি একাউণ্টৰ পৰা হেকাৰে সৰকাই নিয়ে একাউণ্টত থকা 70হাজাৰ টকা ৷

আনহাতে এই সংক্ৰান্তত ভুক্তভোগী মহিলাগৰাকীয়ে ভাৰতীয় বেংকৰ সৰ্থেবাৰী শাখাত অভিযোগ দাখিলৰ লগতে সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷

ইপিনে,হেকাৰৰ এই নতুন কৌশলে এতিয়া বাৰুকৈয়ে চিন্তিত কৰি তুলিছে গুগল পে' ব্যৱহাৰকাৰীক ৷

লগতে পঢ়কঃকামপুৰত পুনৰ ছিগিল বৰপানী নৈৰ মথাউৰি

ABOUT THE AUTHOR

...view details