বৰপেটা, 25 অক্টোবৰ :শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক দালাল, প্ৰতাৰক আখ্যা দি ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ প্ৰচাৰ কালত তেওঁ কয়, ফণীধৰ তালুকদাৰে ৰাইজৰ আস্থাক অসন্মান কৰিছে ৷ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ এইবাৰেই দিব ৷ এগৰাকী দালাল-ভ্ৰষ্টাচাৰী নেতাক কেতিয়াও ভৱানীপুৰ ৰাইজে আস্থাত নলয় বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷
‘‘পাঁচ মাহ পূৰ্বে যি নিৰ্বাচন হৈছিল তাত এই সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীয়েই জয়ী হৈছিল আৰু এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়েই জয়ী হোৱাতো খাটাং ৷ পূৰ্বতে গৰু-ছাগলী বেচা-কিনা কৰা দেখিছে কিন্তু আজিৰ সময়ত ৰাজনৈতিক নেতা সকলো যে বেচা-কিনা হয় সেয়া প্ৰমাণিত কৰিলে ফণীধৰ তালুদাৰে ৷’’ ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা কালতে এইদৰে মন্তব্য প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷
লগতে পঢ়ক:পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...
উল্লেখ্য যে, সোমবাৰে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ইয়াৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়তো উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকী ৷