বৰপেটা, 14 মে’ :‘‘আমি কৈ কৈ ভাগৰি পৰিছো, নিখিল ভাৰত কংগ্ৰেছ কমিটী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ফালৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে যে, এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয় ৷ আমি বাৰে বাৰে কোৱাৰ পিচতো এ আই ইউ ডি এফে নুবুজাৰ ভাও ধৰি বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে ৷’’ ৰাজ্যজুৰি পুনৰ চৰ্চাত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰসংগ (Congress AIUDF alliance) ৷ কংগ্ৰেছৰ আৰু এ আই ইউ ডি এফৰ কোনো কাৰণতে মিত্ৰতা নহয় বুলি এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar Slams AIUDF) ৷
শিকদাৰে লগতে কয়, ‘‘যোৱা দিনকেইটাত এ আই ইউ ডি এফ দলৰ নেতাই বিহাৰলৈ গৈ নীতিশ কুমাৰকে ধৰি লালু প্ৰসাদ যাদৱৰ পৰিয়ালক সাক্ষাৎ কৰিছে, ইয়াৰ পিচত মহাৰাষ্ট্ৰলৈও যোৱাৰ কথা আমি শুনিবলৈ পাইছো (APCC Working president Jakir Hussain Sikdar )৷ এ আই ইউ ডি এফে কাক কেতিয়া লগ কৰে তাত আমাৰ ক’বলগীয়া একো নাই ৷ আমি কংগ্ৰেছে বাৰম্বাৰ কৈ আহিছো যে, এতিয়া এ আই ইউ ডি এফৰ ভৰিৰ তলত মাটি নাই ৷ এ আই ইউ ডি এফ দলৰ কোনো নেতাক অসমৰ লোকে বিশ্বাস নকৰে ৷ এতিয়া বুজাই বুজিছে যে এ আই ইউ ডি এফ কিমান দুৰ্বল হৈছে ৷ আহি থকা কোনো এটা নিৰ্বাচনতে AIUDF জয়যুক্ত হ’ব নোৱাৰে ৷ তেওঁলোক যদি শক্তিশালী হ’লহেঁতেন তেওঁলোকে অসমতে বহি থাকিল হয় , তেওঁলোকক বেলেগে বিচাৰি আহিল হয় ৷ তেওঁলোকে দুৰ্বল কাৰণে সবল হ’বলৈ বেলেগৰ পিচে পিচে ঘূৰি ফুৰিছে (Congress leader slams Badruddin Ajmal)৷’