পাঠশালা, 1 আগষ্ট: মণিপুৰত বিগত বুধবাৰে নিশা আছাম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত নিহত হৈছিল পাঠশালাৰ নিৰাপত্তাৰক্ষীৰ জোৱান প্ৰণয় কলিতা ৷ বিগত শুকুৰবাৰে সম্পূৰ্ণ সামৰিক মৰ্যাদা প্ৰদানেৰে শেষকৃত্য সম্পন্ন কৰা হ'ল শ্বহীদ জোৱানগৰাকীৰ ৷ বীৰ সৈনিক প্ৰণয় কলিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ শনিবাৰে পাঠশালাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ৷ ৰিপুন বৰাৰ নেতৃত্বত এটা সঁজাতি দলে পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ পাচতে কংগ্ৰেছ দল তৰফৰ পৰা এটা শোক বাৰ্তা পাঠ কৰি, সভাপতি গৰাকীৰ জৰিয়তে শ্বহীদ গৰাকীৰ পত্নীৰ হাতত এখন শোক পত্ৰ প্ৰদান কৰা হয় ৷
শ্বহীদ প্ৰণয় কলিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কংগ্ৰেছ দলৰ - PATHSALA
শনিবাৰে শ্বহীদ প্ৰণয় কলিতাৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই ৷
![শ্বহীদ প্ৰণয় কলিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কংগ্ৰেছ দলৰ APCC PRESIDENT RIPUN BORA AT PATHSALA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8260639-thumbnail-3x2-kk.jpg)
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই পৰিয়ালৰ পৰা এগৰাকী পিতৃ, স্বামী, পুত্ৰ হেৰুৱাই যোৱাৰ দুখ কেৱল পৰিয়ালৰ লোকেহে ভালদৰে বুজিব পাৰে বুলি উল্লেখ কৰি, শ্বহীদ গৰাকীৰ পৰিয়ালৰ সৈতে তেওঁলোক সদায় আছে বুলি মন্তব্য কৰে ৷ যিকোনো সময়তে তেখেত সকলক সহায়ৰ বাবে কংগ্ৰেছ দল ওলাই আহিব বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে ৷ কেৱল আছাম ৰাইফলছৰ ওপৰতে সকলো দায়িত্ব অৰ্পন নকৰি পৰিয়ালটোৰ সহায় কৰিবলৈ অসম চৰকাৰেও বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয় ৰিপুন বৰাই ৷ জোৱান গৰাকীৰ আকস্মিক মৃত্যু অতি মৰ্মান্তিক উল্লেখ কৰি এই ঘটনাক তেওঁ ধিক্কাৰ প্ৰদান কৰে ৷ লগতে মূল সুঁতিলৈ ঘূৰি আহি গণতান্ত্ৰিকভাৱে আলোচনা কৰি সমস্যা সমাধানৰ বাবে তেওঁ আলফা (স্বা) ক আহ্বান জনায় সংবাদ মাধ্যামযোগে ৷ উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ লগতে শনিবাৰে শ্বহীদ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, কংগ্ৰেছ নেতা কমল কুমাৰ মেধি, গিৰিশ পাটগিৰি, প্ৰফুল্ল কুমাৰ দাস, বিধায়ক জাকিৰ হুছেইন চিকদাৰ, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই ৷
লগতে পঢ়ক:বিদায় শ্বহীদ প্ৰণয় কলিতা...