বৰপেটা , ২৮ জানুৱাৰী : বৰপেটাৰ চেঙা সমষ্টিৰ বালাট্টাৰীত বুধবাৰে এক বিশেষ কাৰ্যসূচীত ভাগ লয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ কাৰ্যসূচীত অংশলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত নাৱাৰ্ডৰ অৰ্থ সাহাৰ্যৰে বালাট্টাৰীত ১ কৌটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া প্ৰতিৰোধৰ এক আঁচনিৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী গৰাকীয়ে । গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে গৰাখহনীয়া প্ৰতিৰোধৰ নিবিদা লাভ কৰা ঠিকাদাৰক বাৰিষা অহাৰ পূৰ্বেই প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ যে বিগত কেইবাবছৰ ধৰি একেৰাহে অঞ্চলটো গৰাখহনীয়াৰ কবলত পৰিছে । যাৰ বাবে ক্ষতিগ্ৰস্ত ৰাইজে বিভিন্ন সময়ত গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক দাবী জনাই আহিছে । এই আঁচনিৰ কাম আৰম্ভ হোৱাৰ লগে লগে এতিয়া উৎসাহিত হৈছে অঞ্চলটোৰ ৰাইজ ।