অসম

assam

By

Published : Jul 14, 2021, 2:18 PM IST

Updated : Jul 14, 2021, 4:23 PM IST

ETV Bharat / state

শুৱালকুছিৰ দৰে সৰুক্ষেত্ৰীত গঢ়ি উঠিছে পাট-মুগা শিল্প

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলত গঢ় লৈ উঠিছে পাট-মুগা শিল্পৰ বিশেষ উদ্যোগ ৷ বহুকেইখন গাঁৱত ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠিছে পাট-মুগাৰ তাঁতশিল্প (Handloom) ৷ অৱশ্যে, সম্প্ৰতি কৰ’ণা (Corona)ই আৰ্থিক ভাবুকি কঢ়িয়াইছে তাঁত শিল্পীসকলৰ মাজত ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

sarukhetri handloom industry
সৰুক্ষেত্ৰীৰ তাঁতশিল্প

বৰপেটা, 14 জুলাই : অসম তথা উত্তৰ-পূবৰ ‘মানচেষ্টাৰ’ (Manchester) হিচাপে খ্যাত উত্তৰ গুৱাহাটীস্থিত শুৱালকুছি (Sualkuchi) ৷ শুৱালকুছিৰ লেখীয়াকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলত গঢ় লৈ উঠিছে পাট-মুগা শিল্পৰ বিশেষ উদ্যোগ ৷ বেলবাৰী, বৰ কাপলা, বণিয়াকুছি, আমৃখোৱা আদিকে ধৰি সৰুক্ষেত্ৰীৰ কেইবাখনো গাঁৱত শুনা যায় মাকোৰ দোৰপতি আৰু গৰকাৰ শব্দ ৷ এই গাঁৱকেইখনত গঢ় লৈ উঠিছে ব্যৱসায়িক ভিত্তিত পাট-মুগাৰ তাঁতশিল্প (Handloom) ৷

সৰুক্ষেত্ৰীৰ গাঁৱসমূহত প্ৰায় ডেৰ শতাধিক তাঁতশাল স্থাপন কৰি পাট-মুগাৰ কাপোৰ বৈছে শিল্পীসকলে ৷ শুৱালকুছিৰ আৰ্হিত সৰুক্ষেত্ৰীত গঢ়ি উঠা পাট-মুগা শিল্পই বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু কাল কৰ’ণা (Corona)ই আৰ্থিক ভাবুকি কঢ়িয়াই আনিছে তাঁত শিল্পীসকলৰ মাজত ৷

সৰুক্ষেত্ৰীত গঢ়ি উঠিছে পাট-মুগা শিল্প

বিশেষকৈ কৰ’ণাৰ বাবে পাট-মুগা কাপোৰৰ বিক্ৰী হ্ৰাস পোৱাৰ বাবে অৰ্থনৈতিকভাৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে তাঁতশিল্পীসকল ৷

ইফালে পাট-মুগা শিল্পৰে স্বাৱলম্বিতাৰ বাট মোকলোৱা এইসকল তাঁতশিল্পীৰ প্ৰতি গুৰুত্ব নাই ৰাজ্যৰ উদ্যোগ বিভাগ (Industry Department) তথা চৰকাৰ (Govt)ৰ ৷ আনকি আজি পৰ্যন্ত উদ্যোগ বিভাগৰ পৰা কোনো ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই তাঁতশিল্পীসকল ৷ যাৰ ফলস্বৰূপে বেংকৰ পৰা উচ্চহাৰত ঋণ লৈ পাট-মুগাৰ কাম চলাই আছে শিল্পীসকলে ৷

গতিকে প্ৰশ্ন হয়, নিজাববীয়া প্ৰচেষ্টাৰে শুৱালকুছিৰ লেখীয়াকৈ গঢ় লৈ উঠা সৰুক্ষেত্ৰীৰ পাট-মুগা শিল্পৰ তাঁত শিল্পীসকলৰ প্ৰতি চৰকাৰ কিম্বা উদ্যোগ বিভাগে আৰ্থিক সহায়ৰ হাত আগবঢ়াবনে ? অসমৰ বস্ত্ৰ শিল্পৰ উদ্যোগলৈ নিৰলস বৰঙণি আগবঢ়াই যোৱা এইসকল লোকৰ ক্ষেত্ৰত যদি চৰকাৰৰ দৃষ্টিগোচৰ হয়, নিশ্চয়কৈ ৰাজ্যত সুনাম অৰ্জন কৰিব আন এখন শুৱালকুছিয়ে ৷ তদুপৰি পাট-মুগা উদ্যোগলৈও আগবঢ়াব যথেষ্ঠ বৰঙণি ৷

লগতে পঢ়ক :কেঁচা চাহপাতৰ মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

Last Updated : Jul 14, 2021, 4:23 PM IST

ABOUT THE AUTHOR

...view details