জনীয়া, 19 ডিচেম্বৰ :বৰপেটা জিলাৰ জমেৰকুৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে । চপৰা চপৰে উঠি গৈছে পকী পথ। অতি নিম্নমাণৰ কামৰ বাবে কাম চোৱাচিতা কৰা বিভাগীয় লোকক জবাব দিহি কৰে ৰাইজে। ফলত পুনৰ পথটো নিৰ্মাণৰ দাবী উত্থাপন কৰে ৰাইজে ।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ এম আৰ এল 17 চাকলাৰ পৰা ধৰ্মপুৰ হৈ ৰহা লৈ যোৱা 6.14 কিঃমিঃ পথটো মেৰামতি কৰা হৈছিল । পথটো মেৰামতি কৰাৰ এদিনৰ পিচতেই এতিয়া এনেদৰে চপৰা চপৰে উঠি গৈছে পথটো । পথটো মেৰামতিৰ বাবে চৰকাৰে 1 কোটি 50 লাখ 60 হাজাৰ টকা আৱণ্টন দিছিল শ্বেহনাজ আমিন নামৰ ঠিকাদাৰজনক ।
কিন্তু ঠিকাদাৰগৰাকীয়ে ধন আত্মসাৎ কৰি পকী পথটো নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পথছোৱা বিভাগীয় নিয়ম অনুসৰি নিৰ্মাণ কৰিবলৈ ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পিচতো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৷