জনীয়া, 19 মে‘ : বৰপেটা জিলাৰ কলগাছিয়াত লক ডাউনৰ সময়ত ৩-৬ বছৰৰ শিশুক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ জৰিয়তে বিতৰণ কৰিবলৈ দিয়া খাদ্য সামগ্ৰীৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
একাংশ অংগনবাড়ী কৰ্মী আৰু নিৰীক্ষকে ৰাইজক অন্ধকাৰত ৰাখি খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । বৰপেটা জিলাৰ ৰূপসী শিশু উন্নয়ন প্ৰকল্পৰ ১৬২ নং চৰ বালাগাওঁ কেন্দ্ৰৰ কৰ্মী জমেলা খাতুনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । উল্লেখ্য যে, এই কেন্দ্ৰত কৰ্তৃপক্ষই ৬৭ দিনৰ খাদ্য সামগ্ৰীৰ টকা দিছিল যদিও ৰাইজক আন্ধাৰত ৰাখি নিৰীক্ষক ছুফীয়া খাতুনৰ নিৰ্দেশমতে জমেলা খাতুনে মাত্র ২৫ দিনৰ ৩ কেজি চাউল, ৭০০ গ্ৰাম ডাউল, ৩০০ গ্ৰাম মিঠাতেল আৰু এক পেকেট নিমখ বিতৰণ কৰে বুলি ৰাইজে জানিবলৈ দিয়ে । আন আন কেন্দ্ৰ সমূহত ৬৭ দিনৰ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে এই কেন্দ্ৰত কিয় ২৫ দিনৰ সামগ্ৰী বিতৰণ কৰা হল বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ।