অসম

assam

By

Published : Nov 15, 2019, 9:14 AM IST

Updated : Nov 15, 2019, 12:20 PM IST

ETV Bharat / state

ফাৰ্মাচিষ্ট নাই; চকীদাৰেই কাম চলাইঃ ঘটনাটো জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ

মানুহৰ জীৱনক লৈ হেতালি চলিছে বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনস্থ জনীয়া ৰাজ্যিক চিকিৎসালয়ত ৷ ৰোগীক দৰৱ বিতৰণ কৰে চিকিৎসালয়খনৰ চকীদাৰে ৷

প্ৰহসনত পৰিণত জনীয়া ৰাজ্যিক চিকিৎসালয়

জনীয়া, 15 নৱেম্বৰঃ গভীৰ নিদ্ৰাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ ৷ আজৱ কাণ্ড জনীয়া ৰাজ্যিক চিকিৎসালয়ত ৷ ফাৰ্মাচিষ্টৰ সলনি ৰোগীক দৰৱ বিতৰণ কৰে চিকিৎসালয়খনৰ চকীদাৰে ৷ বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনস্থ জনীয়া ৰাজ্যিক চিকিৎসালয়ত চলিছে মানুহৰ জীৱনক লৈ হেতালি ৷ চিকিৎসালয়ত উপস্থিতি নিয়মীয়া নহয় একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ চিকিৎসালয়খনৰ ফাৰ্মাচিষ্ট আব্দুল কাদিৰ বেছিভাগ সময়ে উপস্থিত নাথাকে চিকিৎসালয়ত ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষই ছাহজাহান নামৰ চকীদাৰজনৰ জৰিয়তেই চলাইছে ফাৰ্মাচি ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

প্ৰহসনত পৰিণত জনীয়া ৰাজ্যিক চিকিৎসালয়

আনহাতে চিকিৎসালয়খনৰ ড্ৰেছাৰ সুবাস দাসৰো মইমতালিয়ে পাইছে চৰম সীমা ৷ এতিয়া দিনক দিনে বৃদ্ধি পাইছে জনীয়া ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা ৷ এই চৰম অৰাজকতাৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী কৰি ক্ষোভ উজাৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ৷

আৰু পঢ়কঃ শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

Last Updated : Nov 15, 2019, 12:20 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details