অসম

assam

ETV Bharat / state

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান কৰিলে পৰিয়ালবৰ্গই

বৰপেটা মেডিকেল কলেজ হাস্পতালত পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান ৷ পৰিয়ালৰলোকে মৃতদেহ অৰ্পন কৰিলে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহদান অতিকৈ জৰুৰী আখ্যা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ শৰীৰতত্ব বিভাগৰ মুৰব্বী অধ্যাপিক ডা: জয়শ্ৰী দেৱীৰ ৷

By

Published : Apr 24, 2019, 7:32 PM IST

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান

বৰপেটা, 24 এপ্ৰিল : হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ-মাতৃৰ মৃত্যুৰ পাচত পুত্ৰ তথা আত্মীয়স্বজনে ধৰ্মীয় বিধি আৰু পৰম্পৰা অনুসৰি সৎকাৰ কৰে মৃতদেহ ৷ পিছে বৰপেটাৰ পাঠশালাৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাচত পুত্ৰ-বোৱাৰী আৰু আত্মীয় স্বজনে মাতৃৰ শেষ ইচ্ছা অনুসৰি মৃতদেহ অৰ্পন কৰিলে বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ বৰপেটা জিলাৰ পাঠশালাৰ লক্ষ্মী দেৱী নামৰ প্ৰগতিশীল মহিলাগৰাকীয়ে 2017বৰ্ষত মৰণোত্তৰভাৱে নিজৰ দেহটো ইচ্ছাপত্ৰযোগে দান কৰিছিল বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ চি পি আই(এম)ৰ প্ৰগতিশীল আদৰ্শবাদী চিন্তাৰে দীক্ষিত লক্ষ্মী দেৱীয়ে মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ মহিলাগৰাকীৰ মৃত্যুৰ পাচত তেওঁৰ শেষ ইচ্ছা অনুযায়ীয়েই বুধবাৰে তেওঁৰ মৃতদেহটো বৰপেটা মেডিকেল কলেজ হাস্পতাল দান কৰে পৰিয়ালবৰ্গই ৷ মৃতদেহটো দান কৰাৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীৰ লগতে মহিলাগৰাকীৰ পুত্ৰ বোৱাৰী, আত্মীয় স্বজনৰ লগতে আৰু চিপিআই এমৰ একাংশ নেতা কৰ্মী উপস্থিত থাকে ৷

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান

মৃত্যুৰ আগমুহূৰ্তলৈকে বজালী অঞ্চলত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মহিলাগৰাকী জড়িত আছিল অঞ্চলটোৰ প্ৰায়বোৰ অনুষ্ঠানৰ সৈতে ৷ ইপিনে মৃতদেহ গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ শৰীৰতত্ব বিভাগৰ মুৰব্বী অধ্যাপিক ডা: জয়শ্ৰী দেৱীয়ে কয় যে, চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহদান অতিকৈ জৰুৰী ৷ লক্ষী দেৱীয়ে যিদৰে দেহ দান কৰিলে তাৰ প্ৰতি অনুপ্ৰাণিত হৈ অইন ব্যক্তিয়েও দেনদান কৰিব বুলি আশা ব্যক্ত কৰে মুৰব্বী অধ্যাপিকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details